মোডী চৰকাৰে পুনৰ বিক্ৰী কৰিবলৈ ওলাইছে আন এক চৰকাৰী সংস্থা। বিমান বন্দৰ, লালকিল্লা, আদি বিক্ৰী কৰাৰ পিছত এইবাৰ ভাৰত পেট্ৰ'লিয়ামক বিক্ৰী কৰিবলৈ ওলাইছে মোডী চৰকাৰে। কিন্তু সাধাৰণ প্ৰশ্ন মনলৈ আহে, বিচাৰ বুদ্ধি সম্পন্ন প্ৰতিজন লোকৰ মনলৈ এই প্ৰশ্ন উদয় হয়, সেয়া হোৱাও স্বাভাৱিক - টকাবোৰ ক'লৈ যায়? উল্লেখ্য ২০১৫ চনৰ এপ্ৰিল মাহৰ পৰা মোডী চৰকাৰে ৰেলৱে প্লেটফৰ্মৰ টিকটৰ দাম পূৰ্বৰ ৫ টকাৰ পৰা ১০ টকা কাৰ্যকৰী কৰে। ২০১৬ চনত জৱাহৰ নৱোদয় বিদ্যালয়ৰ সাধাৰণ শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীৰ ফিজ পূৰ্বৰ ২০০ প্ৰতিমাহৰ পৰা ১৫০০ টকা প্ৰতিমাহ কৰে। যোৱা আগষ্ট মাহত CBSE পাঠ্যক্ৰমৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ Board Exam ৰ ফিজ পূৰ্বৰ তুলনাত কেইবাগুণ বৃদ্ধি কৰে। সেই অনুসৰি সাধাৰণ বৰ্গৰ ছাত্ৰ-ছাত্ৰীৰ ফিজ পূৰ্বৰ ৭৫০ টকাৰ পৰা বৃদ্ধি কৰি ১৫০০ টকা কৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি বৰ্গৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ফিজ ৩৫০ টকাৰ পৰা ১২০০ টকা পৰ্যন্ত বৃদ্ধি কৰে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) ৰ M Tech পাঠ্যক্ৰমৰ ফিজ পূৰ্বৰ ২০,০০০ টকা প্ৰতিবছৰ ৰ পৰা ১০ গুণ বৃদ্ধি কৰি সেয়া ২,০০,০০০ টকা কৰে। চাৰিওফালে কেৱল হাহাকাৰ MBA, CA আদি পাঠ্যক্ৰমতো ফিজ বৃদ্ধি কৰিছে বহু চৰকাৰী / বেচৰকাৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহে। বিমূদ্ৰাকৰণ (Demonitization) আৰু সামগ্ৰী আৰু সেৱা কৰ (GST) বলৱৎ হোৱাৰ পিছত সকলো বস্তুৰে পূৰ্বৰ দাম বৃদ্ধি হৈ আকাশলংঘী হৈছে সেয়া সকলোৱে জানে। Permanent Account Number, AADHAR আদি বেংক একাউণ্টৰ সৈতে, ব্যৱসায়ৰ সৈতে লিংক হোৱাৰ পিছত ট্যাক্স ফাঁকি দিয়াও প্ৰায় নোহোৱা হৈছে। পেট্ৰ'লিয়াম বস্তুৰ দাম বৃদ্ধি পাইছে, ৰে'ল ভাড়া, বিমান ভাড়া বৃদ্ধি পাইছে। তাৰ পিছতো চৰকাৰে কিয় লৈ আছে বাৰে বাৰে ৰিজাৰ্ভ বেংকৰ সঞ্চিত ধন? কিয় বাৰে বাৰে বৃদ্ধি কৰি আছে ট্যাক্স, ভাড়া? ভাৰতীয় মিডিয়াই (গোদী মিডিয়া, Ok?) কিন্তু এই বিষয়ে সদায় দালালী কৰি আহিছে, সহজ সৰল মানুহখিনিক দিন ৰাতি চীন, পাকিস্তানৰ ভয় দেখুৱাই এই দুৰ্নীতি আৰু অনিয়মত মৌন সমৰ্থন জনাই আছে। সেইকাৰণেই আজি চাগৈ ভাৰত পেট্ৰলিয়ামৰ কৰ্মচাৰী সমূহে ৰাজপথলৈ উলাই আহি কবলৈ বাধ্য হৈছে, "Gali Gali Mein Shor Hai, Chaukidar Hi Chor Hai"
লজ্জা নাৰীৰ ভূষণ। যিহেতু আমি মানুহ আৰু যৌনতা আমাৰ প্ৰকৃতি প্ৰদত্ত নিয়ম। কোনে কিদৰে ইয়াক ব্যৱহাৰ কৰে সেয়া তেওঁৰ ব্যক্তিগত কথা। কিন্তু নাৰী জাতিক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাটোও শিক্ষিত সমাজৰ কোনো ব্যক্তিৰেই মানসিকতা হব নোৱাৰে। যিহেতু যৌনতা, যৌন চাহিদা আদি বিষয়বোৰ সুস্বাস্থ্যৰ লগতো প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে এই বিষয়বোৰৰ ভাল, প্ৰণালীগত অধ্যয়নৰো খুবেই প্ৰয়োজনীয়তা আহে। যোৱা কিছুদিন আগতে আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জ্যাক মা ই তেওঁৰ কোম্পানীত কাম কৰা সকলো কৰ্মচাৰীক উদ্দেশ্য কৰি কৈছিল, " তোমালোকে সপ্তাহত প্ৰতিদিন সংগম কৰিবা। ই শৰীৰ আৰু মনত শক্তিৰ সঞ্চাৰ কৰে, সজীৱ কৰে।" এয়া কোনো লাজৰ কথা নহয়। আমি যিদৰে নাৰীদেহৰ স্পৰ্শত দেহ, মনত শক্তি পাও, নাৰীয়েও পায়। আমি যিদৰে সুন্দৰ ৰমণীক বিচাৰি ফুৰো, সিহঁতেও বিচাৰে কোনোবা সুঠাম দেহৰ পুৰুষক; এয়াই প্ৰকৃতিৰ নিয়ম। নাৰী জাতি প্ৰকৃতিৰ মনোৰম সৃষ্টি, ইয়াৰ অপব্যৱহাৰ, দমন, শোষণ সমাজৰ বাবে খুবেই সাংঘাতিক। কিছুদিন আগতে ৮০ ৰ দশকৰ এখন বাংলা চলচ্চিত্ৰ চাইছিলোঁ। ছবিখনৰ নাম জন অৰণ্য (১৯৭৬), পৰিচালক সত্যজিৎ ৰায়, মূল চৰিত্ৰত অভিনয় কৰিছে প্ৰদীপ...
Comments
Post a Comment