✍️আব্ৰাৰ নাদিম (৮-৮-২০১৮) একোকে নাখালো যোৱাৰাতি, কেৱল অলপ ভাং খালো। তুমি আচৰিত নহ'বা মই ভাং খাই ভাল নাপাওঁ, মোৰ নিচাও নাই সেইবোৰৰ, তথাপিও খালো অলপ। ষ্টেছনৰ পৰা অলপ দূৰত, মুখা পিন্ধা মানুহবোৰৰ পৰা বহু দূৰত, অকলে বহি ... জীৱনৰ হিচাপ কৰাৰ দৰেই কৰি গ'লো বহুদিনৰ হিচাপ- কিছু মিলিল, নিমিলাবোৰো কম নহয় পিছে। মই হেৰাই গৈছিলো কৰবাত, তুমি নাছিলা কাষত ডাষ্টবিনৰ পৰা খাদ্যবোৰ তুলি খাই থকা অচিনাকি মুখবোৰে আহি সংগ দিছিল মোক। সেইবোৰ লৈও জগৰ হৈছিল সিহঁতৰ মাজত তথাপিও প্ৰাণ খুলি হাঁহিছিল সিহঁতে, ময়ো হাঁহিছিলো সিহঁতৰ লগত ৰাস্তাৰ কাষত পৰি থকা বটলবোৰ তুলি লোৱা কেইজনমানো আহিছিল কাষলৈ। বটলত পানী ভৰাই খাইছিল সিহঁতে তৃষ্ণাতুৰ কলিজা প্ৰশান্ত হৈছিল এটুপি পানীত ময়ো খাইছিলোঁ সিহঁতৰ দৰে। ভাংৰ নিচাত মই শুনিছিলো আৰ্তনাদ বুকু ভঙা চিঞৰবোৰ ভাহি আহি কাণত বাজিছিল,,, দুচকুৰ আগত ধৰা দিছিল খাদ্যৰ তাড়নাত কুকুৰৰ দৰে কপি থকা অসংখ্য পেট, মই ভাঙত শোঁহা মাৰিছিলো জোৰেৰে। মই গতি কৰিছিলোঁ অসীমলৈ, এইবাৰ দূৰৰ পৰা চাইছিলোঁ সেই কণ কণ মুকুতাবোৰক। যদিও চহৰৰ ষ্ট্ৰিট লাইটবোৰৰ মাজত হে...
Author, Activist, Critic 🇮🇳