Skip to main content

Posts

Showing posts with the label #Bangla

NRC ৰ ভিত্তিবৰ্ষ ১৯৫১ কিয়?

বহু জল্পনা কল্পনাৰ ওৰ পেলাই যোৱা ৩১ আগষ্ট তাৰিখে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা সকলেই বিগত দিনৰ দাবী সমুহৰ পৰা এতিয়া U- টাৰ্ণ মাৰি আছে। এসময়ত ৰাজপথত উলাই নগ্ন, অৰ্ধ নগন হৈ কৰা প্ৰতিবাদৰ ফলতেই যোৱা ২০১৫ চনত আৰম্ভ হৈছিল NRC ৰ কাম কাজ। প্ৰায় ৫৫ হাজাৰ কৰ্ম-কৰ্তাৰ দিন ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰমৰ ফল আজিৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। কিন্তু নিজৰ মনেসজা ধাৰণাৰ দৰে NRC ৰ পৰা ৫০- ৬০ লাখ বিদেশীৰ নাম বাদ নপৰাৰ বাবেই এতিয়া ওলোটা খৰ মাৰিছে বহুতে। প্ৰতিটো কথাত সিহঁতৰ মুখত ৰাজনৈতিক মুনাফা আদায়ৰ নিমিত্তে মনে সজা তথ্য- "গগৈয়ে কৈছিল ৫০ লাখ, শইকীয়াই কৈছিল ৬০ লাখ, ব্ৰহ্মই কৈছিল ৭০ লাখ… "। ভাবি নাপাও, সিহঁতে এবাৰ এই কথা কিয় নাভাবে যে উল্লিখিত নেতা বোৰে এইবোৰ তথ্য চৰজমিন তদন্ত কৰি লোৱা তথ্য নাছিল। প্ৰায় ৪ টা বছৰ অশেষ কষ্ট কৰি, গাঠিৰ ধন খৰচ কৰি অসমৰ সংখ্যালঘূ জনসাধাৰণে এই প্ৰক্ৰিয়াত সহযোগ কৰিছিল। এটা কথা এইছেগতে কৈ থও, সিঁ‌হতে দেশৰ ৰাজনীতিত ১০০%ই উজাৰি দিবলৈ চেষ্টা কৰি আহিছে। ভোটদান, নাইবা আন যিকোনো ৰাজনৈতিক মেলত সংখ্যালঘুৰ উপস্থিতি সদায় সৰ্বাধিক। ভয়, গ্লানি আ...

হিমু

বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় সাহিত্যিক হুমায়ুন আহমেদৰ কালজয়ী সৃষ্টি হিমু। হিমুক মুখ্য চৰিত্ৰত লৈ তেখেতে এটাৰ পিছত এটাকৈ লিখিছিল ২১ খন গল্প আৰু উপন্যাস। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিছত অন্যতম শ্ৰেষ্ঠ বাংলা সাহিত্যিক হুমায়ুন আহমেদে সৃষ্টি কৰিছিল এজন অতি সহজ সৰল, দুনিয়াৰ মায়া মোহৰ বন্দীত্বৰ পৰা মুক্ত, জীৱনৰ প্ৰতিটো মুহূৰ্তক উপভোগ কৰিব পৰা চৰিত্ৰৱান ব্যক্তি হিমু। পিন্ধনত তাৰ গাত থাকে সদায় এখন হালধীয়া পাঞ্জাৱী যাৰ কোনো পকেট নাই, যিটো তাৰ মতে মহাপুৰুষ সকলৰ পোছাক। মূৰত এলো মেলো দীঘল চুলি। সৰুতেই তেওঁৰ মাকৰ মৃত্যু হোৱাত তেওঁৰ দেউতাকে তেওঁক ডাঙৰ দীঘল কৰে। ধন সম্পদ, চাকৰি বাকৰিৰ প্ৰতি কোনো লোভ নাই, সেয়া সৰুতেই নোহোৱা কৰি দিছে তেওঁৰ দেউতাকে। তেওঁ হিমুক কৈছিল, "যেতিয়ালৈ ঘৰ, সংসাৰ, চাকৰি, বাকৰি, টকা, পইচা আদিৰ লোভৰ পৰা মুক্ত হব নোৱাৰিবি তেতিয়ালৈ সুখ বিচাৰি নাপাবি। গতিকে সুখী হবলৈ চেষ্টা কৰি থাকিবি। ধনী হবলৈ নহয়। পৃথিৱীৰ ধনী মানুহবোৰ বেছি অসুখী, অশান্তিত দিন কটাই সিহঁ‌তে। পিঞ্জৰাবদ্ধ পখীটোৰ দৰে ছটফট কৰে সিহঁ‌তে। এনেদৰে থাকিবি যাতে সুখ...