প্ৰবন্ধটো লিখিবলৈ কিছু সাহস গোটাব লাগিল, অতি জাতীয়তাবাদী নেতা, পালিনেতা, বুদ্ধিজীৱি, চিন্তক, সমালোচক আৰু হিন্দু ৰাষ্ট্ৰৰ সপোনত বিভোৰ হিন্দুত্ববাদী চিন্তাধাৰাৰে পৰিচালিত সকলোৱে মোৰ প্ৰবন্ধটো পঢ়ি উঠি মন্তব্য দিব।
এন আৰ চি বিষয়টো প্ৰথম অৱস্থাত ইমান জটিল যেন লগা নাছিল যদিও শেষলৈ বহু জটিলতাৰে আগবাঢ়িও কৰবাত থমকি ৰব যেন লাগিব ধৰিছে। বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ বাবে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা বিলুপ্ত হোৱাৰ পিছত এয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য উক্ত সিদ্ধান্তটো ঐতিহাসিক যদিও ইয়াক কাৰ্য্যকৰী কৰাৰ পদ্ধতিটো চিৰদিনৰ বাবে সন্দেহৰ আৱৰ্তত থাকিব আৰু সদায় এটা প্ৰশ্নৰ উদ্ভৱ হব- যদি আমি জম্মু আৰু কাশ্মীৰৰ মাটি, পানী, বায়ু আৰু জনগণক ভালপাওঁ, সিহঁতৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে কিয় সিহঁতৰ ওজৰ, আপত্তি, মতামতক এবাৰো শুনা নহ'ল কিয়? কিয় সিহঁতক গৃহবন্দী কৰি ৰাখি, সকলো মন্ত্ৰী, বিধায়ক আৰু আন নিৰ্বাচিত প্ৰতিনিধিক আৱদ্ধ কৰি ৰাখি ইমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো কেতিয়াও প্ৰশংসনীয় হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে এই বিষয়টোক জড়িত কৰাৰ মূল কাৰণটো খুবেই সাধাৰণ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত কৰি তাৰ অধীনত হয়তো দুই চাৰি লাখ বিদেশৰ পৰা ললিপপ খোৱাৰ উদ্দেশ্যে ইয়ালৈ অহা নাগৰিকক থাকিবলৈ দিব। যাৰ বাবে উপযুক্ত ঠাই এটা বাছি উলিয়াইছে সেয়া হল জম্মু আৰু কাশ্মীৰ। ৰব, আপুনি মই ভবা ধৰণে সেই শৰনাৰ্থী সকলক নিশ্চয় দিয়া নহয় সেইবোৰ ঠাই। যিদৰে নোটবন্দীৰ পিছত বহুতেই পেলনীয়া / ব্যৱহাৰৰ যোগ্য হৈ নথকা নোটবোৰ দুখীয়া, চাকৰ, ভৃত্যক দি খুবেই দৰদী হৈ পৰিছিল ঠিক তেনেদৰে ৰাজনৈতিক নেতা, বিলাসী জীৱন যাপন কৰা চেলেব্ৰ্টী, উদ্যোগপতি আদিৰ পেলনীয়া মাটিডৰা দান কৰি মানৱতাৰ ফটাঢোল বজাব। আৰু সিহঁতে কিনিব জম্মু আৰু কাশ্মীৰৰ পাহাৰীয়া ঠাইবোৰৰ নামনিবোৰত দামী ফ্লেট, মাটি, নাইবা গঢ়িব অট্টালিকা। ইয়াতে হয়তো বহুতেই কব ইমান সন্তাসজৰ্জড়িত ঠাইত কিয় যাব? পিছে সিহঁতে নাজানে যে সদিচ্ছা থাকিলে সন্ত্ৰাসবাদ দমন কৰাটো অসম্ভৱ নহয়। কিন্তু ইয়াকে কৰিলে দেখোন দেশৰ অৰ্থনীতিৰ তথৈবচ অৱস্থা সকলোৱেই দেখিবলৈ পাব, কৰ্মসংস্থাপন বিচাৰি নিবনুৱা যুৱ প্ৰজন্মই চৰকাৰক থকা সৰকা কৰিব, দেশৰ প্ৰতিটো বিভাগতে হৈ থকা অবাধ দুৰ্নীতিৰ কথাবোৰ ফাদিল হৈ পৰিব, মুদ্ৰাস্ফীতি, জনমুৰি আয়, মানৱ উন্নয়ন সূচ্যাংক আদি প্ৰতিটো ক্ষেত্ৰত সচেতন ৰাইজে প্ৰশ্নবান কৰি নগ্ন কৰিব। এয়া খুবেই সাধাৰণ কথা। চৰকাৰে নিবিচাৰে এইবোৰ সমস্যাৰ স্থায়ী সমাধান হওক। গতিকে, অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তূতকৰণৰ কাম লেহেমীয়া হোৱাৰ এইটো অন্যতম মুখ্য কাৰণ। যিসময়ত মুছলমান সকলে বাৰে বাৰে কৈ আছে - যি লাগে, লওক তথাপি চৰকাৰে এই সমস্যাটোৰ স্থায়ী সমাধান কৰক সেইসময়তেই কেন্দ্ৰ চৰকাৰৰ জেদী মনোভাৱে ইয়াত আউল লগাইছে। কাৰণ মুছলমান সকলৰ বাবে ১৯৭১ আৰু বাকী সকলোৰে বাবে ২০১৪! এইটো কেনেকুৱা ন্যায়? যদি বাংলাদেশৰ পৰা, নেপালৰ পৰা, পাকিস্তানৰ পৰা নিৰ্যাতিত লোকসকলৰ পৰা বাছি বাছি কেৱল হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী সকলক ইয়াত কেৱল শৰনাৰ্থী নহয়, নাগৰিকত্ব দিয়া হয়; তাত মুছলমান সকলক বঞ্চিত কৰাটো কেনেকৈ মানৱীয় দৃষ্টিভংগী হব পাৰে? এবাৰ নাগৰিকত্ব সংশোধনী বিল পাছ কৰি এই সকল মানুহক ইয়াত সংস্থাপন দিলে সেইসকলৰ থকা, খোৱা, চাকৰি আদিৰ বিষয়বোৰো চৰকাৰে মূৰ পাতি লব লাগিব। কাৰণ তেনেকুৱা নকৰিলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক বিভিন্ন দেশে, সংগঠনে উভতি ধৰিব। আকৌ, তেনেকুৱা কৰিলে মুছলমানৰ বাবে কৰা ভিন্ন ভিত্তিবৰ্ষ নিৰ্ধাৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰশ্নৰ সন্মুখীন হব। যদি তেনেকুৱা হয় তেতিয়াহলে বিগত ৪-৫ বছৰৰ পৰিশ্ৰম অথলে যাব। টকা-পইচা, কপালৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰম আদিও মূল্যহীন হৈ পৰিব। গতিকে সাধাৰণ মানুহে ন্যায় বিচাৰি, ক্ষতিপূৰণ বিচাৰি চৰকাৰক প্ৰশ্ন, সমালোচনা কৰিব। দেশৰ পৰিস্থিতি খুবেই ভয়াবহ হৈ পৰিব আৰু যাৰ বাবে এই বিষয়টো আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাটো খুবেই দৰকাৰ আৰু স্বাভাৱিক। সময়ত সকলোৱে চৰকাৰক সমালোচনা কৰিব, প্ৰশ্ন কৰিব বুলি জানিয়েই চৰকাৰে UAPA ৰ সংশোধন কৰিবলৈ উঠি পৰি লাগিছে, যাৰ জড়িয়তে চৰকাৰে যিকোনো সময়তে কোনোবা প্ৰতিবাদকাৰী, প্ৰশ্নকাৰীক আটক কৰি দেশদ্ৰোহী নাইবা সন্ত্ৰাসবাদী ঘোষিত কৰিব। সময় থাকোতেই চৰকাৰৰ উদ্দেশ্য বুজি তাৰ প্ৰতিবাদ কৰাটো সময়ৰ আহ্বান।
Comments
Post a Comment