Skip to main content

Posts

Showing posts with the label #HumanitarianAid

উইঘুৰ জাতিৰ ওপৰত চলি থকা নিৰ্যাতন ।

মধ্য এছিয়াত কেইবা শতিকা ধৰি বসবাস কৰা তুৰ্কীৰ এটি জাতি যিটোৱে প্ৰতিদিনে কৰি আছে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম। বৰ্তমান বিশ্বত সবাতোকৈ লাঞ্চিত, বঞ্চিত, শোষিত এটি জাতিৰ নাম উইঘুৰ। নামটো বৰ আচহুৱা যেন লাগিলেও এই জাতিৰ জনসংখ্যা প্ৰায় ৩০ মিলিয়ন। মূলত চীন আৰু মধ্য এছিয়াত বসবাস কৰা এই জাতিৰ সংগ্ৰাম ৰোহিংগিয়া সকলৰ দৰেই।   চীন দেশৰ উত্তৰ পশ্চিম প্ৰান্তত (উজবেকিস্তান, আফগানিস্তান, তুৰ্কমেনিস্তান আদি) দেশৰ সীমামূৰীয়া ঠাইবোৰত শেহতীয়াকৈ চলিছে চৰম অমানৱীয় আৰু জঘন্য নিৰ্যাতন। প্ৰধানতঃ Xinjiang (জিনজিয়াং)অঞ্চলত বৰ্তমানৰ চীনা প্ৰশাসনে চলাই থকা অমানৱীয় নিৰ্যাতনে বহুতৰে চকু কপালত তুলিছে। জিনজিয়াংৰ বাদে উইঘুৰ সকলৰ দ্বিতীয় ঘনবসতি এলেকা হ'ল দক্ষিণ মধ্য Hunan (হুনান) প্ৰদেশ। উইঘুৰ সকল এই অঞ্চলৰ চৰকাৰীভাৱে স্বীকৃত ৫৬ টা নৃ- তাত্ত্বিক সংখ্যালঘু গোষ্ঠীৰ অন্যতম। চীন দেশৰ বাহিৰেও মধ্য এছিয়াৰ অন্যান্য দেশ কাজাখস্তান, কিৰ্গিস্তান, উজবেকিস্তান, আফগানিস্তান আদি দেশত উল্লেখ্যযোগ্য পৰিসংখ্যাত উইঘুৰ সম্প্ৰদায়ৰ লোক আছে। তাৰোপৰি পাকিস্তান, ৰাছিয়া, জাৰ্মানী, ছুইডেন, নেডাৰলেণ্ড, তুৰ্কী আদি দেশত কিছু স...