এই যে মানুহবোৰে দৌৰিছে
এমুঠি খাদ্য বিচাৰি,
প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা নহয়,
আশ্ৰয় বিচাৰিছে মানুহে
মানুহৰ অত্যাচাৰৰ পৰা।
ভয়, শংকা আৰু হতাশাত
মৃতপ্ৰায় হৈছে সিহঁত।
কোনে দৌৰাইছে সিহঁতক?
কিয় দৌৰাইছে নাইবা
সিহঁতেই বা কিয় দৌৰিছে দিন ৰাতি এক কৰি
মাটি বাৰী সন্তান সন্ততি এৰি?
কোনোবাই বুজি পাইছে নে?
মই হ'লে একোৱেই বুজি পোৱা নাই
কাৰণ মই বুজি নাপাও
ৰাজনীতিৰ মেৰপেচ,
বুজি নাপাও সীমান্তৰ কাইটীয়া তাৰৰ বেৰ,
নাইবা বুজি নাপাও মই,
সীমান্তৰ সিপাৰৰ মানুহৰ আৱেগ!
মোক শিকোৱা হৈছে তেনেদৰে।
সিহঁত মোৰ শত্ৰু, দেশৰ ভাবুকি
কিন্তু মইতো কোনো দিন লগ পোৱা নাই সিহঁতক
সিহঁতেনো মোক কিয় মাৰিব;
নাইবা ময়েই বা কিয় মাৰিম সিহঁতক?
কোনে সাজিছে এই সীমাৰেখাবোৰ?
মইতো সজা নাই!
মোৰ দেউতা, তাৰ পূৰ্বপুৰুষেও তো সজা নাছিল সেইবোৰ
আৰু শুনিছো ঈশ্বৰেও সজা নাছিল তেনেকুৱা একোৱেই,
তেন্তে কোনে আৰু কিয় সজাইছে সেইবোৰ?
ঈশ্বৰে আদমক পৃথিৱীলৈ খেদিছিল ঠিকেই
কিন্তু তেওঁতো কোনো অত্যাচাৰী পুৰুষ নাছিল
যে তাৰ অধীনস্থ সকলক দমন কৰিবলৈ ,
তেওঁৰ দৰে মানুহে সাজিব তেনেকুৱা সীমান্তবোৰ!
নাইবা কথাটো এনেকুৱাও হয় যে
শাসনত ৰাখিবলৈ মানুহেই নো কিমান আছিল?
কিন্তু আজি সেইবোৰ সলনি হল
ক্ষমতা, বিলাসীতা আদিত মত্ত হৈ
মানুহে বন্দী কৰিছে মানুহক,
মানুহে হত্যা কৰিছে মানুহক;
মানুহে ধ্বংস কৰিছে এই ধুনীয়া পৃথিৱীখনক
আৰু আমিবোৰক শিকাইছে নিতৌ ~
"কোন আপোন, কোন পৰ?"
Comments
Post a Comment