কোৰবানী শব্দৰ উৎপত্তি মূলত হিব্ৰু ভাষাৰ শব্দ "কোৰবান" অৰ্থ - Offering (দান) ছিৰিয়ান ভাষাৰ শব্দ "কোৰবানা" অৰ্থ - Sacrifice (ত্যাগ)! কোৰবান শব্দটো কোৰানত তিনিবাৰ উল্লেখ কৰা আছে- এবাৰ পশু উছৰ্গা কৰাৰ কথা, আৰু দুবাৰ এনেকুৱা কিছুমান কাম যিবোৰে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰে। প্ৰথমবাৰৰ কাৰণে আবিল (আদম আৰু ইভৰ সন্তান) এ কোৰবানী কৰিছিল আৰু তেৱেই আছিল কোৰবানী কৰা প্ৰথম মানৱ। তেওঁ এটা ভেড়া কোৰবানী কৰিছিল। আৰু তেওঁৰ ভায়েক কাবিল (আদম আৰু ইভৰ সন্তান) এ পথাৰৰ শস্য আল্লাহৰ ওৱাস্তে কোৰবানী কৰিছিল। আল্লাহ ই আবিলৰ কোৰবানী কবুল কৰিছিল আৰু কাবিলৰ কোৰবানী প্ৰত্যাখ্যান কৰিছিল। আবিলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নাযিল হোৱাত অহংকাৰত আৰু দাম্ভিকতাত দগ্ধ হৈ কাবিলে হাবিলক হত্যা কৰিছিল। অৱশ্যে আজিৰ কোৰবানীৰ বিধান আৰম্ভ হৈছিল ইব্ৰাহিম (AS) ৰ দিনৰ পৰা যেতিয়া তেওঁক তেওঁৰ সবাতোকৈ বেছি পছন্দনীয় বস্তুটোক আল্লাহৰ সন্তষ্টিৰ নিমিত্তে কোৰবানী কৰিবলৈ আদেশ দিয়া হৈছিল। ইটো সিটো কৰি বহু বস্তুৱেই কোৰবানী দিছিল তেওঁ, কিন্তু এদিন সপোনত তেওঁক কোৱা হৈছিল তেওঁৰ আটাইতকৈ প্ৰিয় তেওঁৰ পুত্ৰ ইছমাঈলক আল্লাহৰ সন্তষ্টিৰ বাবে ...
Author, Activist, Critic 🇮🇳