কোৰবানী শব্দৰ উৎপত্তি মূলত হিব্ৰু ভাষাৰ শব্দ "কোৰবান" অৰ্থ - Offering (দান) ছিৰিয়ান ভাষাৰ শব্দ "কোৰবানা" অৰ্থ - Sacrifice (ত্যাগ)! কোৰবান শব্দটো কোৰানত তিনিবাৰ উল্লেখ কৰা আছে- এবাৰ পশু উছৰ্গা কৰাৰ কথা, আৰু দুবাৰ এনেকুৱা কিছুমান কাম যিবোৰে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰে।
প্ৰথমবাৰৰ কাৰণে আবিল (আদম আৰু ইভৰ সন্তান) এ কোৰবানী কৰিছিল আৰু তেৱেই আছিল কোৰবানী কৰা প্ৰথম মানৱ। তেওঁ এটা ভেড়া কোৰবানী কৰিছিল। আৰু তেওঁৰ ভায়েক কাবিল (আদম আৰু ইভৰ সন্তান) এ পথাৰৰ শস্য আল্লাহৰ ওৱাস্তে কোৰবানী কৰিছিল। আল্লাহ ই আবিলৰ কোৰবানী কবুল কৰিছিল আৰু কাবিলৰ কোৰবানী প্ৰত্যাখ্যান কৰিছিল। আবিলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নাযিল হোৱাত অহংকাৰত আৰু দাম্ভিকতাত দগ্ধ হৈ কাবিলে হাবিলক হত্যা কৰিছিল।
অৱশ্যে আজিৰ কোৰবানীৰ বিধান আৰম্ভ হৈছিল ইব্ৰাহিম (AS) ৰ দিনৰ পৰা যেতিয়া তেওঁক তেওঁৰ সবাতোকৈ বেছি পছন্দনীয় বস্তুটোক আল্লাহৰ সন্তষ্টিৰ নিমিত্তে কোৰবানী কৰিবলৈ আদেশ দিয়া হৈছিল। ইটো সিটো কৰি বহু বস্তুৱেই কোৰবানী দিছিল তেওঁ, কিন্তু এদিন সপোনত তেওঁক কোৱা হৈছিল তেওঁৰ আটাইতকৈ প্ৰিয় তেওঁৰ পুত্ৰ ইছমাঈলক আল্লাহৰ সন্তষ্টিৰ বাবে কোৰবানী দিবলৈ নিছিল যদিও সেয়াও হৈ উঠা নাছিল। বহু বাৰ চেষ্টা কৰাৰ পিছত ইছমাইলে পিতা ইব্ৰাহিমক কৈছিল, " চকুত কাপোৰ বান্ধি লওঁক, আব্বাজান।"
তেওঁ (ইব্ৰাহিম AS) তেতিয়া সফল হৈছিল। সেই কোৰবানী আল্লাহ ই কবুল কৰিছিল আৰু ইছমাঈল (আঃ)ৰ ঠাইত এটা দুম্বা বলি হৈছিল। এয়া আছিল এক পৰীক্ষা।
আমি যিদৰে নিজৰ ভালপোৱাজনক /জনীক সন্তষ্ট কৰিবলৈ কত কি কৰোঁ, নিজে খাই ভালপোৱা বস্তুটো নাখায় সেই পইচাৰে তাইক এযোল ভাল পোচাক / ঘড়ী আদি কিনি দিও, নিজৰ মাজত থকা বদভ্যাস যেনে, মদ্য পান, বিড়ি, চিগাৰেট সেৱন, পান -তামোল খোৱা আদি বাদ দিও ঠিক তেনেকুৱা এটা আশালৈ মুছলমানে কোৰবানী কৰে আৰু সেয়াই হোৱা উচিত। নাইবা নিজৰ অফিচৰ বছ ক সন্তষ্টি কৰিবলৈ যিবোৰ পথ অৱলম্বন কৰা হয় সেয়াও ত্যাগ / উছৰ্গা, সেইবোৰ শাব্দিক ভাৱে কোৰবানী কিন্তু উদ্দেশ্য আৰু পন্থা অনুসৰি কোৰবানী নহয়। কাৰণ কোৰবানীৰ উদ্দেশ্য হ'ল একমাত্ৰ আল্লাহৰ সন্তষ্টি লাভ।
আজিকালি পিছে কোৰবানী কোনে দিয়ে, বহুতেই দেখোন কেৱল মাংস খোৱালৈ ব্যস্ত? কথাটো অলপ স্পৰ্শকাতৰ হ'লেও খুবেই গুৰুত্বপূৰ্ণ। কাৰণ কোৰবানীৰ অৰ্থ বা উদ্দেশ্য কোনো প্ৰতিযোগীতা নহয়। বহুতে নিজৰ ভাল লগা মৰমৰ পশুটো সলনি বজাৰৰ পৰা কিনি আনি কোৰবানী দিয়ে। ঈদৰ এদিন - দুদিন আগত পশু কিনি তাৰ মাংস খোৱা হয় ঠিকেই, কিন্তু কোৰবানীৰ সঠিক ছোৱাব হয়তো নছিব নহয়! কোৰবানী মানেই নিজৰ মহব্বতৰ বস্তু আল্লাহৰ নামত উছৰ্গা কৰি দিয়া; তাকে নকৰি কেৱল দামৰ প্ৰতিযোগীতাত নামি পৰা নাইবা লোক সমাজত নিজৰ নাম হওঁক, ইমান ডাঙৰ নেতা হৈ এটা ছাগলী? - ইত্যাদি কৈ ঠাট্টা কৰিব বুলি, নাইবা ইজ্জতৰ কথা আছে বুলি ভাবি যদি কোনোবাই কোৰবানী কৰে সেয়া মুঠেও ধনাত্মক দৃষ্টিভংগী নহয়। দেশৰ মন্ত্ৰী বিধায়ক হ'লেও যদি নিজৰ সবাতোকৈ মৰমৰ ছাগলী নাইবা ভেড়াটো কোৰবানী কৰিছে সেয়াই কিজানি আল্লাহৰ অনুগ্ৰহত শ্ৰেয়। আকৌ ধন উপাৰ্জনৰ উৎস যদি মদ, জুৱা, সুত, উৎকোচ নাইবা আন কোনো অসৎ উপায় হয় তেতিয়াহ'লে সেয়াও আল্লাহৰ দৰবাৰত কবুল হোৱাৰ সম্ভাৱনা খুবেই কম।
যিজনে পাৰিছে সামৰ্থ্য অনুযায়ী দিছে, যিজনে দিব পৰা নাই সিহঁতেও অহা বছৰৰ কাৰণে নিয়ত কৰক। মুঠতে মনত ৰখা উচিত আমি সকলোৱে, যিজনে কোৰবানী দিছে নাইবা যিজনে দিয়া নাই, যিজনে দিব পৰা নাই, আহক আমাৰ বদভ্যাস সমূহক একমাত্ৰ আল্লাহৰ সন্তষ্টিৰ উদ্দেশ্যে কোৰবানী কৰি বিশ্বত শান্তি স্থাপন কৰোঁ।
Comments
Post a Comment