Skip to main content

Posts

Showing posts with the label #ASSAM

NRC ৰ ভিত্তিবৰ্ষ ১৯৫১ কিয়?

বহু জল্পনা কল্পনাৰ ওৰ পেলাই যোৱা ৩১ আগষ্ট তাৰিখে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা সকলেই বিগত দিনৰ দাবী সমুহৰ পৰা এতিয়া U- টাৰ্ণ মাৰি আছে। এসময়ত ৰাজপথত উলাই নগ্ন, অৰ্ধ নগন হৈ কৰা প্ৰতিবাদৰ ফলতেই যোৱা ২০১৫ চনত আৰম্ভ হৈছিল NRC ৰ কাম কাজ। প্ৰায় ৫৫ হাজাৰ কৰ্ম-কৰ্তাৰ দিন ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰমৰ ফল আজিৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। কিন্তু নিজৰ মনেসজা ধাৰণাৰ দৰে NRC ৰ পৰা ৫০- ৬০ লাখ বিদেশীৰ নাম বাদ নপৰাৰ বাবেই এতিয়া ওলোটা খৰ মাৰিছে বহুতে। প্ৰতিটো কথাত সিহঁতৰ মুখত ৰাজনৈতিক মুনাফা আদায়ৰ নিমিত্তে মনে সজা তথ্য- "গগৈয়ে কৈছিল ৫০ লাখ, শইকীয়াই কৈছিল ৬০ লাখ, ব্ৰহ্মই কৈছিল ৭০ লাখ… "। ভাবি নাপাও, সিহঁতে এবাৰ এই কথা কিয় নাভাবে যে উল্লিখিত নেতা বোৰে এইবোৰ তথ্য চৰজমিন তদন্ত কৰি লোৱা তথ্য নাছিল। প্ৰায় ৪ টা বছৰ অশেষ কষ্ট কৰি, গাঠিৰ ধন খৰচ কৰি অসমৰ সংখ্যালঘূ জনসাধাৰণে এই প্ৰক্ৰিয়াত সহযোগ কৰিছিল। এটা কথা এইছেগতে কৈ থও, সিঁ‌হতে দেশৰ ৰাজনীতিত ১০০%ই উজাৰি দিবলৈ চেষ্টা কৰি আহিছে। ভোটদান, নাইবা আন যিকোনো ৰাজনৈতিক মেলত সংখ্যালঘুৰ উপস্থিতি সদায় সৰ্বাধিক। ভয়, গ্লানি আ...

How many Foreigners will make you happy?

Today, after a long time discussion, debate and various verification final draft list of the National Register Citizen of India has been compiled, specifically in the state of Assam, after excluding 1.9 millions applicants from the draft out of more than 330 millions applicants, thanks to the Hon'ble Supreme Court of India they can file an appeal in the Foreigners Tribunals in the state of Assam to prove their Citizenship. People of almost all political parties, student organizations and other non profit organizations so far have commented on this issue, with most of them praising the compilation and the complete process leaving few hate mongers and Politicians shocked. The most notable thing is that the Hon'ble Supreme Court of India has provided 120 days to prove their Citizenship after filing a claim in the Foreigners Tribunals in the state of Assam. Yet, the Hindu organisations are criticising the Courts decision when they found that the declared figure of 1.9 millions ...

কিমান বিদেশী ওলালে আপোনালোক সন্তুষ্ট হ’ব?

‌ বহু জল্পনা কল্পনা, হাড়ভঙা পৰিশ্ৰমৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পালে য'ত ১৯ লাখ ৬ হাজৰ ৬৫৭ জন লোকৰ নাম বাদ পৰে। সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, বহুতেই ইয়াত সন্তষ্ট হ'লেও কিছুমানে ইয়াক আসোঁৱাহপূৰ্ণ বুলি পোনচোটেই নাকচ কৰি একপ্ৰকাৰে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি আছে। কিছুমানৰ আপত্তি, "ইমান কম বিদেশী ওলাব নালাগিছিল!" সিহঁতৰ পৰিকল্পিত যুক্তি, "অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাৰ ৰিপোৰ্ট মতে ৪০ লাখ বিদেশী আছে, অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মতে ৫০ লাখ বিদেশী আছে, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হৰিশংকৰ ব্ৰহ্মৰ মতে ৭০ লাখ ইত্যাদি" কথাবোৰ কৈ এতিয়া কি বুজাব বিচাৰিছে সিহঁতে? হয়, ইয়াত ভুল থাকিব পাৰে যদি মানিয়ে লও, যদিও এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিবিচাৰো নাইবা স্বদেশীৰ নাম বাদ পৰাটোও নিবিচাৰো, কিন্তু উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা সম্পূৰ্ণ প্ৰক্ৰিয়াটোক নস্যাৎ কৰিবলৈ উঠি পৰি লাগিছে কিছু দল সংগঠন যিটো খুবেই নিন্দনীয়। নিজৰ সন্দেহৰ ভিত্তিত কৰা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মন্তব্য বোৰক গ্ৰহণযোগ্...

NRC ৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ কিয় নাযাব?

প্ৰবন্ধটো লিখিবলৈ কিছু সাহস গোটাব লাগিল, অতি জাতীয়তাবাদী নেতা, পালিনেতা, বুদ্ধিজীৱি, চিন্তক, সমালোচক আৰু হিন্দু ৰাষ্ট্ৰৰ সপোনত বিভোৰ হিন্দুত্ববাদী চিন্তাধাৰাৰে পৰিচালিত সকলোৱে মোৰ প্ৰবন্ধটো পঢ়ি উঠি মন্তব্য দিব। এন আৰ চি বিষয়টো প্ৰথম অৱস্থাত ইমান জটিল যেন লগা নাছিল যদিও শেষলৈ বহু জটিলতাৰে আগবাঢ়িও কৰবাত থমকি ৰব যেন লাগিব ধৰিছে। বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ বাবে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা বিলুপ্ত হোৱাৰ পিছত এয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য উক্ত সিদ্ধান্তটো ঐতিহাসিক যদিও ইয়াক কাৰ্য্যকৰী কৰাৰ পদ্ধতিটো চিৰদিনৰ বাবে সন্দেহৰ আৱৰ্তত থাকিব আৰু সদায় এটা প্ৰশ্নৰ উদ্ভৱ হব- যদি আমি জম্মু আৰু কাশ্মীৰৰ মাটি, পানী, বায়ু আৰু জনগণক ভালপাওঁ‌, সিহঁতৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে কিয় সিহঁতৰ ওজৰ, আপত্তি, মতামতক এবাৰো শুনা নহ'ল কিয়? কিয় সিহঁ‌তক গৃহবন্দী কৰি ৰাখি, সকলো মন্ত্ৰী, বিধায়ক আৰু আন নিৰ্বাচিত প্ৰতিনিধিক আৱদ্ধ কৰি ৰাখি ইমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো কেতিয়াও প্ৰশংসনীয় হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে এই বিষয়টোক জড়িত কৰাৰ মূল কাৰণটো খুবেই সাধাৰণ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত ...

কোন আপোন, কোন পৰ?

এই যে মানুহবোৰে দৌৰিছে এমুঠি খাদ্য বিচাৰি, প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা নহয়, আশ্ৰয় বিচাৰিছে মানুহে  মানুহৰ অত্যাচাৰৰ পৰা। ভয়, শংকা আৰু হতাশাত মৃতপ্ৰায় হৈছে সিহঁত। কোনে দৌৰাইছে সিহঁতক? কিয় দৌৰাইছে নাইবা সিহঁতেই বা কিয় দৌৰিছে দিন ৰাতি এক কৰি মাটি বাৰী সন্তান সন্ততি এৰি? কোনোবাই বুজি পাইছে নে? মই হ'লে একোৱেই বুজি পোৱা নাই কাৰণ মই বুজি নাপাও ৰাজনীতিৰ মেৰপেচ, বুজি নাপাও সীমান্তৰ কাইটীয়া তাৰৰ বেৰ, নাইবা বুজি নাপাও মই, সীমান্তৰ সিপাৰৰ মানুহৰ আৱেগ! মোক শিকোৱা হৈছে তেনেদৰে। সিহঁত মোৰ শত্ৰু, দেশৰ ভাবুকি কিন্তু মইতো কোনো দিন লগ পোৱা নাই সিহঁতক সিহঁতেনো মোক কিয় মাৰিব; নাইবা ময়েই বা কিয় মাৰিম সিহঁতক? কোনে সাজিছে এই সীমাৰেখাবোৰ? মইতো সজা নাই! মোৰ দেউতা, তাৰ পূৰ্বপুৰুষেও তো সজা নাছিল সেইবোৰ আৰু শুনিছো ঈশ্বৰেও সজা নাছিল তেনেকুৱা একোৱেই, তেন্তে কোনে আৰু কিয় সজাইছে সেইবোৰ? ঈশ্বৰে আদমক পৃথিৱীলৈ খেদিছিল ঠিকেই কিন্তু তেওঁতো কোনো অত্যাচাৰী পুৰুষ নাছিল যে তাৰ অধীনস্থ সকলক দমন কৰিবলৈ , তেওঁৰ দৰে মানুহে সাজিব তেনেকুৱা সীমান্তবোৰ! নাইবা কথাটো এনেকুৱাও হয় যে  ...

নৰকংকাল !

ই কি আচৰিত! নৰকংকালবো ৰে সাৰ পাইছে কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা? নাখায় নাখায় সিহঁতৰ চেহেৰা মৃতপ্ৰায় হৈছে দেহত মাংস নাই বুলিবই পাৰি কেইটামানৰ দেহত তো দাগ বহি গৈছে গোলামী কৰি কৰি নিজৰ সকলো হেৰুৱাই এতিয়া আহিছে নিজৰ দেহাটোক দান কৰিবলৈ তাত শক্তি নাই, শৌৰ্য- বীৰ্য একোৱেই নাই হয়তো নিজৰ দেহৰ মাংসবোৰো কোনোবাই বেচি দিছিল বজাৰৰ সস্তীয়া পণ্যদৰত দেহত থকা কিঞ্চিত বলেৰেই  কংকালবোৰে আৰ্তনাদ কৰিব ধৰিছে নিজৰ অধিকাৰ বিচাৰি গগণ ফালি চিঞৰিছে পিছে শুনোতা নাই কোনো, বৰং সকলোৱে মত্ত হৈছে নিজৰ স্বাৰ্থ পূৰণত অধিকাৰ বিচাৰি অট্টহাস্য কৰাসকলক  বিদ্ৰুপ কৰি হাঁ‌হিছে সিহঁতে, সিহঁত আনন্দমনেৰে উপভোগ কৰিছে সমগ্ৰ ঘটনা, যেন সিহঁত দৰ্শক,  সমবেত হৈছে চিনেমা হলত আৰু উপভোগ কৰি আছে এখন নাটক। মাজে মাজে হাত চাপৰিৰে মুখৰিত কৰিছে চৌপাশ। পিছে, এইবাৰ থমকি নৰয় নৰকংকালবোৰ কাৰণ এইবাৰ সিহঁতৰ ভয় নাই কিছু হেৰুৱাৰ, সকলো শেষ এতিয়া মৃতপ্ৰায় দেহাটোক লৈ পিছ হুহুকি নাযায় সিহঁত কাৰণ, সিহঁতে বুজি পাইছে সিহঁতৰ ভুল চিনিব পাৰিছে সিহঁতৰ শত্ৰু সেয়েহে সিহঁতে কৰিছে আৰ্তনাদ নিজৰ অধিকাৰ...

Detention camp, D Voter সন্দৰ্ভত এজন ভক্তৰ সৈতে কথোপকথন।

প্ৰায় এসপ্তাহমান আগৰ কথা। অনবৰতে মগজুত পাক মাৰি থকা Detention Camp আৰু D Voter বিষয় দুটাত নিজৰ মতামত জানিবলৈ এজন অতি ভক্ত কংগ্ৰেছ কৰ্মী (নাম প্ৰকাশ কৰিব নোৱাৰিলো) সোধাত যি ক'লে সেয়া শুনি মই অ...