জীৱনৰ গতিবেগ আৰু দিশ দুয়োটা বস্তুৰেই সময়ত পৰিৱৰ্তন হোৱা দেখা যায়। সহজ - সৰল মানুহজনো সময়ত কঠোৰ আৰু ৰুক্ষ স্বভাৱৰ হৈ পৰে। অৱশ্যে কেতিয়া কোন পৰিস্থিতিত পৰি তেওঁ এনেকুৱা হৈ পৰে সেয়া তেওঁ নিজেও ক'ব নোৱাৰে। নাজানে কোনেও, আমিও নাজানো কেনেকুৱা পৰিস্থিতিত পৰি মানুহ এজনৰ এনেকুৱা পৰিৱৰ্তন হয়গৈ সময়ত। কিন্তু তেনেকুৱা কিছু উদাহৰণ পৰ্যবেক্ষণ কৰিলে এটা কথা সহজেই ধৰিব পাৰি যে এয়া বিশ্বায়নৰ প্ৰভাৱ। আমিবোৰ সাধাৰণ হৈ থকা নাই আৰু সেয়া পছন্দও নকৰোঁ; সেয়েহে আমি তীব্ৰ প্ৰতিযোগীতাত দৌৰিছো অনবৰত। আমি পোৱাখিনি লৈ মুঠেও সুখী নহওঁ, আমি তুলনা কৰি কৰি কামবোৰ কৰি আহিছো। সেয়া আমাৰ জন্মৰে পৰা আৰম্ভ হৈছে। আজিৰ সন্তানে নিজৰ জন্মদিনৰ কেকটো সহপাঠী এজনৰ বাবে অনা কেকটোতকৈ সৰু বুলি নিজকে অৱহেলিত জ্ঞান কৰে। নাইবা নিজৰ হাতঘড়ীটোও আন কোনোবাজনতকৈ কমদামী বুলি কিছু হীনমান্যতাত ভূগে, যিটো এই চক্ৰবেহুৰ এটা আৰম্ভণি বুলি ক'লেও ভুল নহ'ব চাগৈ। সেইদৰে চলি থাকে সকলোবোৰ কাম কাজ, আদান প্ৰদান। সকলোতে লোকক দেখুওৱাৰ নাইবা লোকৰ মাজত নিজকে জাহিৰ কৰাৰ মানসিকতাটো আজি খুবেই সাধাৰণ বিষয়। সেয়া নহ'লে ১০-১৫ হাজাৰ টকাৰ দৰমহাৰে সৰুৰে পৰা থাকি অহা নিজৰ গাওঁখনত ভালদৰে চলিব পৰাজনে নিজৰ মাক দেউতাকক এৰি থৈ চহৰৰ এখন ফ্লেটত থকাৰ কি নো যুক্তি থাকিব পাৰে? অৱশ্যে যাতায়ত বা নিজৰ কৰ্মস্থলীলৈ অহা যোৱাৰ বাবে হোৱা কষ্ট লাঘৱ কৰাৰ বাবে কিবা পদক্ষেপ ল'লে সেয়া সুকীয়া। যাৰ বাবেই নিজৰ পৰিয়ালৰ খৰচ, বেংকৰ ঋণ পৰিশোধৰ তাগিদা, ল'ৰা ছোৱালীৰ স্কুলৰ ফিজ, বীমা পলিচি ইত্যাদি নিত্য নতুন সমস্যাবোৰে তেওঁক আগচি ধৰে। ৰাতি টোপনি নহয়, শ্লিপিং পিল , ব্লাড প্ৰেচাৰৰ বাবে পিল আদি খোৱা আৰম্ভ কৰে। নিজৰ খৰচ মিলাবলৈ অফিচত উৎকোচ ল'বলৈ আৰম্ভ কৰে, নিজৰ মেজাজ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। আগতে কিনা ৫০০-৬০০ টকীয়া চোলাবোৰ পছন্দ নহয় নিজৰে। এতিয়া সেয়া ১৫০০-১৬০০ টকীয়ালৈ উন্নীত হয়। নিজে সপ্তাহত দুদিন বন্ধু-বান্ধৱীৰ সৈতে মাছ- মাংস খায়, পাৰ্টি কৰি পইচাবোৰ উৰুৱাই। কেক, দামী বিস্কুট আদি আনি নিজৰ লৰা ছোৱালীক দিয়ে, মাজে সময়ে বিৰিয়ানী, পোলাও আদি খায় শেষত ঘৰত থকা নিজৰ মৰমৰ মাক দিবলৈ হাতত নাথাকে ফুটাকড়িও। দেউতাকক ঈদ বা বিহুত কূৰ্তা দিবলৈও কষ্ট অনুভৱ কৰে আজিৰ শিক্ষিত চামৰ অধিকাংশই। জীৱনটো এনেদৰে পাৰ কৰি শেষত নিজেই এনেকুৱা পাকচক্ৰত পৰি ককবকাই থাকে। নিজৰ জীৱন তুচ্ছ কৰি সন্তানক মানুহ কৰিবলৈ সৰ্বস্বান্ত হোৱা মাকজনীয়েও মৃত্যুৰ সময়ত দেখা নাপায় নিজৰ আধুনিক (?) সন্তানক। কি কৰিব নামী দামী গাড়ী লৈ নিজৰ জন্মঠাইলৈ যাবলৈ ভাল ৰাস্তা-ঘাট নাই। কোম্পানী বা চৰকাৰৰ হৈ গোলামী কৰা মানুহজনৰ বাবে মাৰ শুৱাপাটিত মাৰ স'তে সাধু কৈ, মাৰ মুখৰ অমৃত বাণী শুনিব পৰাকৈ দুদিন থাকিবলৈ সময়নো ক'ত? মাৰ সুখ দুখৰ খবৰ লবলৈ মোবাইলটোৱেই যথেষ্ট আজিৰ যুগত! শেষত জানাজা / সৎকাৰৰ আগত সমাজৰে কোনোবা এজনে পৰিচয় কৰাই দিব- "এইজন মৃতকৰ ডাঙৰজন ল'ৰা, গুৱাহাটীত থাকি দামী চাকৰি কৰে।" আৰু নিলাজটোৱে ভিতৰি হাঁহি থাকিব, বাঃ মোক ইমান ডাঙৰ মানুহ বুলি জানে মানুহে! নিজৰ মাক- দেউতাকৰ লগত শেষবাৰৰ বাবে মাত এষাৰ দিব নোৱাৰি অকণো বিচলিত নোহোৱা মানুহজন যে কেতিয়া অমানুহ হৈ পৰিল ধৰিবই নোৱাৰি। খুব সম্ভৱ ৫০-৬০ বছৰৰ জীৱনত নাম-দাম বিচাৰি নিজৰ অতিকৈ মূল্যৱান সম্পদ মা-দেউতাক মৰম- ভালপোৱা আৰু সঁহাৰি দিয়ক। সেয়া নকৰি আপুনি বা মই যদি ঘৰ -বাৰী -টকা পইচাৰ পিছত জীৱনটো শেষ কৰো সেয়া হ'ব আটাইতকৈ দুৰ্ভাগ্যজনক। নিজৰ সন্তান-সন্ততিক দাদা-দাদী, নানা-নানীৰ সৈতে উমলিবলৈ সময় দিয়ক। বহু কথা শিকিব পাৰিব। নিজেও সিহঁতৰ বাবে কিছু আপ্যায়নৰ ব্যৱস্থা কৰক। চহৰত থাকিলেও বন্ধৰ সময়ত নিজৰ ল'ৰা ছোৱালীক সিহঁতৰ লগত একেলগে ফুৰিবলৈ দিয়ক, কিবা নিজৰ ঘৰত আয়োজন কৰিবলৈ থিৰাং কৰিলেও সেয়া নিজৰ মাক দেউতাকৰ লগত আনন্দমুখৰ পৰিস্থিতিত ভগাই লওঁক। সেয়াই সুখ। বাকী সকলো মিছা মায়া। সময়ত খবৰ-খাতি নলৈ মৃত্যুৰ পিছত ৫০-৬০ হাজাৰ কিয়, কোটি টকা খৰচ কৰিলেও সেয়া সিহঁতৰ আত্মাই নাপায়। সময় থাকোতেই সিহঁতৰ দোৱা, ভালপোৱা আদায় কৰক, আপোনাৰ সন্তানেও কৰিব। চক্ৰবেহুৰ পৰা বাহিৰত উলাই চাওঁক জীৱনত কি পালে, কি হেৰুৱালে। ভিৰত থাকিলে সেয়া পৰিলক্ষিত নহয়।
লজ্জা নাৰীৰ ভূষণ। যিহেতু আমি মানুহ আৰু যৌনতা আমাৰ প্ৰকৃতি প্ৰদত্ত নিয়ম। কোনে কিদৰে ইয়াক ব্যৱহাৰ কৰে সেয়া তেওঁৰ ব্যক্তিগত কথা। কিন্তু নাৰী জাতিক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাটোও শিক্ষিত সমাজৰ কোনো ব্যক্তিৰেই মানসিকতা হব নোৱাৰে। যিহেতু যৌনতা, যৌন চাহিদা আদি বিষয়বোৰ সুস্বাস্থ্যৰ লগতো প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে এই বিষয়বোৰৰ ভাল, প্ৰণালীগত অধ্যয়নৰো খুবেই প্ৰয়োজনীয়তা আহে। যোৱা কিছুদিন আগতে আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জ্যাক মা ই তেওঁৰ কোম্পানীত কাম কৰা সকলো কৰ্মচাৰীক উদ্দেশ্য কৰি কৈছিল, " তোমালোকে সপ্তাহত প্ৰতিদিন সংগম কৰিবা। ই শৰীৰ আৰু মনত শক্তিৰ সঞ্চাৰ কৰে, সজীৱ কৰে।" এয়া কোনো লাজৰ কথা নহয়। আমি যিদৰে নাৰীদেহৰ স্পৰ্শত দেহ, মনত শক্তি পাও, নাৰীয়েও পায়। আমি যিদৰে সুন্দৰ ৰমণীক বিচাৰি ফুৰো, সিহঁতেও বিচাৰে কোনোবা সুঠাম দেহৰ পুৰুষক; এয়াই প্ৰকৃতিৰ নিয়ম। নাৰী জাতি প্ৰকৃতিৰ মনোৰম সৃষ্টি, ইয়াৰ অপব্যৱহাৰ, দমন, শোষণ সমাজৰ বাবে খুবেই সাংঘাতিক। কিছুদিন আগতে ৮০ ৰ দশকৰ এখন বাংলা চলচ্চিত্ৰ চাইছিলোঁ। ছবিখনৰ নাম জন অৰণ্য (১৯৭৬), পৰিচালক সত্যজিৎ ৰায়, মূল চৰিত্ৰত অভিনয় কৰিছে প্ৰদীপ...
Comments
Post a Comment