Skip to main content

Posts

Showing posts from December, 2018

উইঘুৰ জাতিৰ ওপৰত চলি থকা নিৰ্যাতন ।

মধ্য এছিয়াত কেইবা শতিকা ধৰি বসবাস কৰা তুৰ্কীৰ এটি জাতি যিটোৱে প্ৰতিদিনে কৰি আছে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম। বৰ্তমান বিশ্বত সবাতোকৈ লাঞ্চিত, বঞ্চিত, শোষিত এটি জাতিৰ নাম উইঘুৰ। নামটো বৰ আচহুৱা যেন লাগিলেও এই জাতিৰ জনসংখ্যা প্ৰায় ৩০ মিলিয়ন। মূলত চীন আৰু মধ্য এছিয়াত বসবাস কৰা এই জাতিৰ সংগ্ৰাম ৰোহিংগিয়া সকলৰ দৰেই।   চীন দেশৰ উত্তৰ পশ্চিম প্ৰান্তত (উজবেকিস্তান, আফগানিস্তান, তুৰ্কমেনিস্তান আদি) দেশৰ সীমামূৰীয়া ঠাইবোৰত শেহতীয়াকৈ চলিছে চৰম অমানৱীয় আৰু জঘন্য নিৰ্যাতন। প্ৰধানতঃ Xinjiang (জিনজিয়াং)অঞ্চলত বৰ্তমানৰ চীনা প্ৰশাসনে চলাই থকা অমানৱীয় নিৰ্যাতনে বহুতৰে চকু কপালত তুলিছে। জিনজিয়াংৰ বাদে উইঘুৰ সকলৰ দ্বিতীয় ঘনবসতি এলেকা হ'ল দক্ষিণ মধ্য Hunan (হুনান) প্ৰদেশ। উইঘুৰ সকল এই অঞ্চলৰ চৰকাৰীভাৱে স্বীকৃত ৫৬ টা নৃ- তাত্ত্বিক সংখ্যালঘু গোষ্ঠীৰ অন্যতম। চীন দেশৰ বাহিৰেও মধ্য এছিয়াৰ অন্যান্য দেশ কাজাখস্তান, কিৰ্গিস্তান, উজবেকিস্তান, আফগানিস্তান আদি দেশত উল্লেখ্যযোগ্য পৰিসংখ্যাত উইঘুৰ সম্প্ৰদায়ৰ লোক আছে। তাৰোপৰি পাকিস্তান, ৰাছিয়া, জাৰ্মানী, ছুইডেন, নেডাৰলেণ্ড, তুৰ্কী আদি দেশত কিছু সংখ্যক

Political Demography in the Lower Assam specifically amongst the Miyan Muslims.

#READ_PLEASE🤔 #সমূহ_ৰাজনৈতিক_কৰ্মীলৈ 👁️👁️👁️ ছালাম গ্ৰহণ কৰিব। প্ৰথমতেই আপোনালোকলৈ শুভেচ্ছা থাকিল অসম, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিশগড় ৰাজ্যত লাভ কৰা সফলতাৰ বাবে। আশা কৰোঁ ৰাইজে দিয়া ব্যাপক সহাঁ‌ৰিক আপোনালোকে গুৰুত্ব দি দেশৰ বিকাশ ত্বৰান্বিত কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মই যোৱাকালি ফেচবুকত কৰা পোষ্টবোৰৰ পৰা বহুতে মোক গালি শপনিও পাৰিছে, কিছুমানে আকৌ ধনাত্মক দৃষ্টিভংগীৰে মোৰ মতক সমৰ্থনো কৰিছে। আটাইকে কওঁ মই কোনো ৰাজনৈতিক দলৰ গোলামী নকৰো। মই বিজেপি, অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ, আম আদমী পাৰ্টি আদি প্ৰত্যেক দলৰ বেয়াখিনিক সমালোচনা কৰোঁ আৰু আগলৈও কৰি যাম ইনশা আল্লাহ। তাৰ বাবে কোনোবাই বেয়া পালেও উপায় নাই। কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ গোলামী মই কেতিয়াও কৰা নাই আৰু আগলৈও নকৰো। মই হালাল, হাৰাম বাছ-বিচাৰ কৰোঁ কাৰণ কিয়ামতৰ মাঠত আপুনিও নাথাকিব, কোনো মন্ত্ৰী-বিধায়কো নাথাকিব। গতিকে কোনোবাই মোক অতি বেছি বেয়া পালে Unfriend কৰিব পাৰে। মোৰ প্ৰশ্ন - কংগ্ৰেছে কিয় ভোট ভিক্ষা কৰাৰ সময়ত মিঞাভাই সকলক কেৱল বিজেপি-অগপ ৰ দ্বাৰা হৈ থকা হাৰাশাস্তিৰ ভয় দেখুওৱাই ? কিয় সিহঁতে নকয়- আমি তোমালোকক শিক্ষিত কৰিলোঁ