Skip to main content

Posts

Showing posts with the label #Foreigners

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিয়ে ডি-ভোটাৰ সমস্যাৰ সমাধান দিব নে?

অশেষ কষ্ট, ধৈৰ্য্য আৰু উৎকণ্ঠাৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত যোৱা ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। চূড়ান্ত খচৰাত নাম নাহিল ১৯ লাখতকৈ বেছি আবেদনকাৰীৰ। অৱশ্যে এই লোকসকলে এতিয়া আৱেদন কৰিব পাৰিব অসমৰ বিভিন্ন জিলাত থকা বিদেশী ন্যায়াধীশকৰণত । কিন্তু নিজৰ আনুমানিক ধাৰণামতে সন্দেহজনক মানুহৰ নাম কৰ্তন কৰিব নোৱাৰাত ক্ষুব্ধ হৈছে ৰাজ্যৰ একাংশ দল- সংগঠন আৰু বুদ্ধিজীৱি। সিহঁতৰ ভবামতে এই সংখ্যা ৪০ বা ৫০ লাখ বা তাতোকৈ অধিক হব লাগিছিল। এতিয়া শাসনত থকা বিজেপি চৰকাৰে পূৰ্বতে কৰা প্ৰতিশ্ৰুতি মতে হিন্দু মানুহৰ নাম অন্তৰ্ভুক্ত নোহোৱাত সিহঁতে এতিয়া উচ্চতম ন্যায়ালয়ত আৱেদন কৰিব। মুঠতে আশা কৰা ধৰণে মুছলমানৰ নাম বাদ পেলাবলৈ পুনৰ ১০০% reverification ৰ দাবী জনাব। কিন্তু এতিয়া এক জটিল প্ৰশ্ন এয়াই যে অশেষ পৰিশ্ৰমৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা এই মানুহখিনিৰ নামৰ আগত বিদেশীৰ জাননী নাইবা সন্দেহজনক ভোটাৰ (D Voter) হোৱাৰ প্ৰক্ৰিয়া বন্ধ হ'বনে? যিহেতু সেই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই NRC কৰ্তৃপক্ষই সেয়েহে এয়া এক জটিল প...

কোন আপোন, কোন পৰ?

এই যে মানুহবোৰে দৌৰিছে এমুঠি খাদ্য বিচাৰি, প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা নহয়, আশ্ৰয় বিচাৰিছে মানুহে  মানুহৰ অত্যাচাৰৰ পৰা। ভয়, শংকা আৰু হতাশাত মৃতপ্ৰায় হৈছে সিহঁত। কোনে দৌৰাইছে সিহঁতক? কিয় দৌৰাইছে নাইবা সিহঁতেই বা কিয় দৌৰিছে দিন ৰাতি এক কৰি মাটি বাৰী সন্তান সন্ততি এৰি? কোনোবাই বুজি পাইছে নে? মই হ'লে একোৱেই বুজি পোৱা নাই কাৰণ মই বুজি নাপাও ৰাজনীতিৰ মেৰপেচ, বুজি নাপাও সীমান্তৰ কাইটীয়া তাৰৰ বেৰ, নাইবা বুজি নাপাও মই, সীমান্তৰ সিপাৰৰ মানুহৰ আৱেগ! মোক শিকোৱা হৈছে তেনেদৰে। সিহঁত মোৰ শত্ৰু, দেশৰ ভাবুকি কিন্তু মইতো কোনো দিন লগ পোৱা নাই সিহঁতক সিহঁতেনো মোক কিয় মাৰিব; নাইবা ময়েই বা কিয় মাৰিম সিহঁতক? কোনে সাজিছে এই সীমাৰেখাবোৰ? মইতো সজা নাই! মোৰ দেউতা, তাৰ পূৰ্বপুৰুষেও তো সজা নাছিল সেইবোৰ আৰু শুনিছো ঈশ্বৰেও সজা নাছিল তেনেকুৱা একোৱেই, তেন্তে কোনে আৰু কিয় সজাইছে সেইবোৰ? ঈশ্বৰে আদমক পৃথিৱীলৈ খেদিছিল ঠিকেই কিন্তু তেওঁতো কোনো অত্যাচাৰী পুৰুষ নাছিল যে তাৰ অধীনস্থ সকলক দমন কৰিবলৈ , তেওঁৰ দৰে মানুহে সাজিব তেনেকুৱা সীমান্তবোৰ! নাইবা কথাটো এনেকুৱাও হয় যে  ...