Skip to main content

Posts

Showing posts with the label #Sacrifice

হিমু

বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় সাহিত্যিক হুমায়ুন আহমেদৰ কালজয়ী সৃষ্টি হিমু। হিমুক মুখ্য চৰিত্ৰত লৈ তেখেতে এটাৰ পিছত এটাকৈ লিখিছিল ২১ খন গল্প আৰু উপন্যাস। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিছত অন্যতম শ্ৰেষ্ঠ বাংলা সাহিত্যিক হুমায়ুন আহমেদে সৃষ্টি কৰিছিল এজন অতি সহজ সৰল, দুনিয়াৰ মায়া মোহৰ বন্দীত্বৰ পৰা মুক্ত, জীৱনৰ প্ৰতিটো মুহূৰ্তক উপভোগ কৰিব পৰা চৰিত্ৰৱান ব্যক্তি হিমু। পিন্ধনত তাৰ গাত থাকে সদায় এখন হালধীয়া পাঞ্জাৱী যাৰ কোনো পকেট নাই, যিটো তাৰ মতে মহাপুৰুষ সকলৰ পোছাক। মূৰত এলো মেলো দীঘল চুলি। সৰুতেই তেওঁৰ মাকৰ মৃত্যু হোৱাত তেওঁৰ দেউতাকে তেওঁক ডাঙৰ দীঘল কৰে। ধন সম্পদ, চাকৰি বাকৰিৰ প্ৰতি কোনো লোভ নাই, সেয়া সৰুতেই নোহোৱা কৰি দিছে তেওঁৰ দেউতাকে। তেওঁ হিমুক কৈছিল, "যেতিয়ালৈ ঘৰ, সংসাৰ, চাকৰি, বাকৰি, টকা, পইচা আদিৰ লোভৰ পৰা মুক্ত হব নোৱাৰিবি তেতিয়ালৈ সুখ বিচাৰি নাপাবি। গতিকে সুখী হবলৈ চেষ্টা কৰি থাকিবি। ধনী হবলৈ নহয়। পৃথিৱীৰ ধনী মানুহবোৰ বেছি অসুখী, অশান্তিত দিন কটাই সিহঁ‌তে। পিঞ্জৰাবদ্ধ পখীটোৰ দৰে ছটফট কৰে সিহঁ‌তে। এনেদৰে থাকিবি যাতে সুখ...