Skip to main content

Posts

Showing posts from April, 2019

আপোনাৰ ভোট, বহুমূলীয়া নে বিনামূলীয়া?

নিৰ্বাচন খুবেই আসন্ন। মাইকত শুনিছো চাৰিওফালে ~ "ৰাইজ, আপোনালোকৰ বহুমূলীয়া ভোটটো দি **** ক জয়যুক্ত কৰক।" কিন্তু আজিৰ দিনত ভোটটোক সচাঁ‌কৈয়ে বহুমূলীয়া বুলি ক'ব পাৰি নে? জাতিৰ নামত আৱেগ, ধৰ্মৰ নামত আৱেগ, ভাষাৰ নামত আৱেগ সৃষ্টি কৰিয়েই প্ৰায় আধা ভোট সংগ্ৰহ কৰিব পাৰে এই চতুৰ দগাবাজ নেতা(?) সকলে। অলপ খোচামোদ কৰিলে হয়তো দুই চাৰিশ টকা এটা দি লৈ যাব পাৰে আপোনাৰ, মোৰ ভোটটো। নাইবা "অমুকেই জিকিব", "ভোটটো নষ্ট নকৰিব", "অমুকক দিলে কোনো লাভ নাই" ইত্যাদি ধৰণৰ কিছু মিছা Trend চলাই লৈ যাব পাৰে আপোনাৰ, মোৰ ভোটটো। গতিকে আমাৰ ভোটৰ মূল্য ক'ত থাকিল? ইয়াতে উল্লেখ্যযোগ্য এটি খুব গুৰুত্বপূৰ্ণ বিষয় এয়াই যে আমাৰ আজিৰ নেতা সকলে মানুহৰ হৃদয় জয় কৰিব নোৱাৰে। কাৰণ অলেখ অযুত নিবনুৱা চামচাৰ ভিৰ পাৰ্টি অফিচত। নেতাৰ ঘৰৰ পদূলিত, বাৰাণ্ডাত আৰু কেতিয়াবা নেতাৰ গোহালিত! যিবোৰ কাৰণত বহুতো প্ৰাণৰো আপোন বুলি ভোটটো দিয়া লোকেও নিজৰ প্ৰয়োজন নেতাৰ ওচৰত আহি ক'ব নোৱাৰে। ইয়াত ভালপোৱাৰ (?) কিছু শীতল যুদ্ধও পৰিলক্ষিত হয়। মানে এজন চামচাই যেতিয়া নেতাৰ কাষ চাপিব পৰা হয় তেতিয়া তেওঁ অন্য এজনক

Detention camp, D Voter সন্দৰ্ভত এজন ভক্তৰ সৈতে কথোপকথন।

প্ৰায় এসপ্তাহমান আগৰ কথা। অনবৰতে মগজুত পাক মাৰি থকা Detention Camp আৰু D Voter বিষয় দুটাত নিজৰ মতামত জানিবলৈ এজন অতি ভক্ত কংগ্ৰেছ কৰ্মী (নাম প্ৰকাশ কৰিব নোৱাৰিলো) সোধাত যি ক'লে সেয়া শুনি মই অবাক হৈ পৰিলোঁ। খুবেই সংক্ষিপ্ত কথোপকথন এই ধৰণৰ- মই - আচ্ছা, আপুনি কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় সদস্য আৰু মই সমালোচক। এতিয়া বাকীবোৰ কথা বাদেই দিলো, এই যে D Voter Detention camp কংগ্ৰেছ চৰকাৰে বনাইছে। সেয়া গৰিহণাযোগ্য আৰু নিন্দনীয় নহয় নে? ভক্ত - নাই, ঠিকেই আছে! মই - কি??? ভক্ত - মানে, আমাৰ মিঞা মানুহখিনি অলপ বুৰ্বক, অজলা বিধৰ। এই ৱছিলাত চতুৰ হ'ব পাৰিছে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শিকিছে। মই - (ক্ষন্তেক সময় তাৰ মুখৰ পিনে চাই লৈ) আপুনি এনেকুৱা মন্তব্য দিব পাৰিছে? শিক্ষিত মানুহ, টিউচন পাতি কৰে। ডিটেনশন কেম্পত যোৱা কোনোবাজনক লগ পাইছে নেকি? এবাৰ সুধি চাব। ভক্তগিৰি কৰাৰো এটা সীমা থকা উচিত। আপুনি এনেদৰে কব বুলি মই কাহানিও ভবা নাছিলো দেই। শিক্ষা-দীক্ষাৰ নামত নাই, ৰাস্তা ঘাট নাই, চাকৰি বাকৰি নাই আৰু এনেকৈ এই বৃহৎ জাতিটোক চতুৰ বনাব, শিকাব! এতিয়া ভাবক! আমাৰ শিক্ষিতচামৰ চিন্তাধাৰা। মই আজিও ভাবো সি এনে