Skip to main content

Posts

Showing posts from October, 2019

টকাবোৰ ক'লৈ যায়?

মোডী চৰকাৰে পুনৰ বিক্ৰী কৰিবলৈ ওলাইছে আন এক চৰকাৰী সংস্থা। বিমান বন্দৰ, লালকিল্লা, আদি বিক্ৰী কৰাৰ পিছত এইবাৰ ভাৰত পেট্ৰ'লিয়ামক বিক্ৰী কৰিবলৈ ওলাইছে মোডী চৰকাৰে। কিন্তু সাধাৰণ প্ৰশ্ন মনলৈ আহে, বিচাৰ বুদ্ধি সম্পন্ন প্ৰতিজন লোকৰ মনলৈ এই প্ৰশ্ন উদয় হয়, সেয়া হোৱাও স্বাভাৱিক - টকাবোৰ ক'লৈ যায়? উল্লেখ্য ২০১৫ চনৰ এপ্ৰিল মাহৰ পৰা মোডী চৰকাৰে ৰেলৱে প্লেটফৰ্মৰ টিকটৰ দাম পূৰ্বৰ ৫ টকাৰ পৰা ১০ টকা কাৰ্যকৰী কৰে। ২০১৬ চনত জৱাহৰ নৱোদয় বিদ্যালয়ৰ সাধাৰণ শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীৰ ফিজ পূৰ্বৰ ২০০ প্ৰতিমাহৰ পৰা ১৫০০ টকা প্ৰতিমাহ কৰে। যোৱা আগষ্ট মাহত CBSE পাঠ্যক্ৰমৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ Board Exam ৰ ফিজ পূৰ্বৰ তুলনাত কেইবাগুণ বৃদ্ধি কৰে। সেই অনুসৰি সাধাৰণ বৰ্গৰ ছাত্ৰ-ছাত্ৰীৰ ফিজ পূৰ্বৰ ৭৫০ টকাৰ পৰা বৃদ্ধি কৰি ১৫০০ টকা কৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি বৰ্গৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ফিজ ৩৫০ টকাৰ পৰা ১২০০ টকা পৰ্যন্ত বৃদ্ধি কৰে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) ৰ  M Tech পাঠ্যক্ৰমৰ ফিজ পূৰ্বৰ ২০,০০০ টকা প্ৰতিবছৰ ৰ পৰা ১০ গুণ বৃদ্ধি কৰি সেয়া ২,০০,০০০ টকা কৰে। চাৰিওফালে কেৱল হাহাকাৰ MB