বহু জল্পনা কল্পনাৰ ওৰ পেলাই যোৱা ৩১ আগষ্ট তাৰিখে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা সকলেই বিগত দিনৰ দাবী সমুহৰ পৰা এতিয়া U- টাৰ্ণ মাৰি আছে। এসময়ত ৰাজপথত উলাই নগ্ন, অৰ্ধ নগন হৈ কৰা প্ৰতিবাদৰ ফলতেই যোৱা ২০১৫ চনত আৰম্ভ হৈছিল NRC ৰ কাম কাজ। প্ৰায় ৫৫ হাজাৰ কৰ্ম-কৰ্তাৰ দিন ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰমৰ ফল আজিৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। কিন্তু নিজৰ মনেসজা ধাৰণাৰ দৰে NRC ৰ পৰা ৫০- ৬০ লাখ বিদেশীৰ নাম বাদ নপৰাৰ বাবেই এতিয়া ওলোটা খৰ মাৰিছে বহুতে। প্ৰতিটো কথাত সিহঁতৰ মুখত ৰাজনৈতিক মুনাফা আদায়ৰ নিমিত্তে মনে সজা তথ্য- "গগৈয়ে কৈছিল ৫০ লাখ, শইকীয়াই কৈছিল ৬০ লাখ, ব্ৰহ্মই কৈছিল ৭০ লাখ… "। ভাবি নাপাও, সিহঁতে এবাৰ এই কথা কিয় নাভাবে যে উল্লিখিত নেতা বোৰে এইবোৰ তথ্য চৰজমিন তদন্ত কৰি লোৱা তথ্য নাছিল। প্ৰায় ৪ টা বছৰ অশেষ কষ্ট কৰি, গাঠিৰ ধন খৰচ কৰি অসমৰ সংখ্যালঘূ জনসাধাৰণে এই প্ৰক্ৰিয়াত সহযোগ কৰিছিল। এটা কথা এইছেগতে কৈ থও, সিঁহতে দেশৰ ৰাজনীতিত ১০০%ই উজাৰি দিবলৈ চেষ্টা কৰি আহিছে। ভোটদান, নাইবা আন যিকোনো ৰাজনৈতিক মেলত সংখ্যালঘুৰ উপস্থিতি সদায় সৰ্বাধিক। ভয়, গ্লানি আৰু শোষণৰ বিৰুদ্ধে সকলো উজাৰ কৰি এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিল সংখ্যালঘু জনসাধাৰণে।
কিন্তু যেতিয়া চুড়ান্ত খচৰা প্ৰকাশ পালে তেতিয়াই অসমৰ ৰাজনীতিত বিদেশী নামৰ এক বিশেষ প্ৰজাতিৰ ভাং খেতি কৰা খেতিয়ক সকলৰ মূৰত সৰগ ভাগি পৰিল। কাৰণ সিহঁতৰ মনেসজা ভ্ৰান্ত ধাৰণাৰ বিপৰীতে প্ৰায় সংখ্যক সংখ্যালঘু জনসাধৰণে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হল। লাগি গল ভাং খেতিত জুই।
এতিয়া বোলে আকৌ ১৯৫১ হে লাগে নাগৰিকত্বৰ ভিত্তিবৰ্ষ। তাৰ মানে জুইৰ উত্তাপ বৰ বেছি যেন লাগিল। ১৯৫১ চনৰ অসমৰ ভৌগোলিক চাৰিসীমা নজনাজনেও জাতীয়তাবাদৰ গইনা লৈ একে সুৰত সুৰ মিলাই গাব ধৰিলে এই বিচ্ছেদৰ গান। সিহঁতে হয়তো সময়ত বুজি পাব, "লোকলৈ বুলি শূল পুতি নিজে মৰে ফুটি" ৰ অৰ্থ। কাৰণ তথাকথিত খিলঞ্জীয়া নাইবা ভূমিপুত্ৰৰ বহুতৰে ১৯৫১ ৰ লিগেচী নাই। অন্তত সততে বাংলাদেশী বুলি গালি পৰা লোকসকলতকৈ বেছি লোকৰ নাম বাদ পৰিব এই খিলঞ্জীয়া, অতি খিলঞ্জীয়া সমূহৰ পৰা। অতি দুখৰ বিষয় যে, ইংলেণ্ডত জন্মা সকলে অষ্ট্ৰেলিয়াত নাগৰিকত্ব পাই খেলা-ধূলা কৰি আছে, কোনো সমস্যা নাই; পাকিস্তানৰ খেলুৱৈয়ে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, কানাডাত খেলি আছে, ভাৰতত জন্মা বহুতেই অন্য দেশৰ নাগৰিকত্ব পাইছে। এইদৰে পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰব্ৰজন হৈয়ে আছে আৰু এয়া চিৰন্তন সত্য যে কোনো দিনেই এনেকুৱা বিষয়ত যতি নপৰে।
কিন্তু অতি দুৰ্ভাগ্যজনকভাবে নিজ দেশতে নাগৰিকত্বৰ পৰীক্ষা দি দি লাখ লাখ মানুহক নিতৌ মানসিকভাৱে ধৰ্ষণ কৰা হৈছে অসমত। ১৯৫১ চনৰ আগতে অহা যিবোৰ মানুহে Ditention camp ত ভৰ্তি হৈ আছে নাইবা যিজনে আটক হোৱাৰ ভয়ত পলাই ফুৰিছে নাইবা যিসকলে এতিয়াও বিদেশীৰ অপবাদ ডিঙিত কঢ়িয়ায় ফুৰে সিহঁতক সোধক মানসিকভাৱে কৰা ধৰ্ষণ কেনেকুৱা।
এতিয়া আহোঁ এক গুৰুত্বপূৰ্ণ প্ৰসংগলৈ, অসমৰ চুকে কোণে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বৃদ্ধিৰ হাৰ খুবেই চিন্তনীয়। অসমৰ জাতীয়তাবাদী সকলে এইবোৰ কথাও চিন্তা কৰা উচিত। নিজৰ মাতৃভাষাৰ বাবে নিজে পৰিশ্ৰম নকৰিলে কোনেনো কৰিব? নিজৰ লৰা ছোৱালীক ইংৰাজী মাধ্যমত দি অন্যক অসমীয়া শিকাই থাকিলে নিশ্চয় লাজ লাগিব লাগে। অসমৰ নিবনুৱা সমস্যাৰ ভয়াবহতা, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ পয়ালগা ছবিবোৰ চাইও চকু মুদি থকা সকলক অসমীয়াৰ ত্ৰাণকৰ্তা বুলি নাভাবিব। বিদেশী, ডিটেনশ্বন কেম্প, ডি- ভোটাৰ আদিৰ পৰা মুক্ত হৈ অসমৰ শিক্ষা, স্বাস্থ্য, বান, গঢ়াখহনীয়া আদি সমস্যাবোৰলৈ চিন্তা কৰোঁ আহক। অসমৰ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আগতকৈ বহু কমিল। এতিয়াও যিখিন আছে সেয়া অশিক্ষাৰ ফল, তাৰ বাবে দায়ী চৰকাৰ- প্ৰশাসন। নিজে আহি সিহঁতৰ খবৰ-খাতি লওক, সমস্যাবোৰ শুনক, সেইবোৰৰ বাবেও আন্দোলন কৰক, সংগ্ৰাম কৰক। সিহঁতক আকোৱালি লওক, সিহঁতেও আপোনাক আকোৱালি ল'ব।

Comments
Post a Comment