অশেষ কষ্ট, ধৈৰ্য্য আৰু উৎকণ্ঠাৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত যোৱা ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। চূড়ান্ত খচৰাত নাম নাহিল ১৯ লাখতকৈ বেছি আবেদনকাৰীৰ। অৱশ্যে এই লোকসকলে এতিয়া আৱেদন কৰিব পাৰিব অসমৰ বিভিন্ন জিলাত থকা বিদেশী ন্যায়াধীশকৰণত । কিন্তু নিজৰ আনুমানিক ধাৰণামতে সন্দেহজনক মানুহৰ নাম কৰ্তন কৰিব নোৱাৰাত ক্ষুব্ধ হৈছে ৰাজ্যৰ একাংশ দল- সংগঠন আৰু বুদ্ধিজীৱি। সিহঁতৰ ভবামতে এই সংখ্যা ৪০ বা ৫০ লাখ বা তাতোকৈ অধিক হব লাগিছিল। এতিয়া শাসনত থকা বিজেপি চৰকাৰে পূৰ্বতে কৰা প্ৰতিশ্ৰুতি মতে হিন্দু মানুহৰ নাম অন্তৰ্ভুক্ত নোহোৱাত সিহঁতে এতিয়া উচ্চতম ন্যায়ালয়ত আৱেদন কৰিব। মুঠতে আশা কৰা ধৰণে মুছলমানৰ নাম বাদ পেলাবলৈ পুনৰ ১০০% reverification ৰ দাবী জনাব।
কিন্তু এতিয়া এক জটিল প্ৰশ্ন এয়াই যে অশেষ পৰিশ্ৰমৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা এই মানুহখিনিৰ নামৰ আগত বিদেশীৰ জাননী নাইবা সন্দেহজনক ভোটাৰ (D Voter) হোৱাৰ প্ৰক্ৰিয়া বন্ধ হ'বনে? যিহেতু সেই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই NRC কৰ্তৃপক্ষই সেয়েহে এয়া এক জটিল প্ৰশ্ন হৈ আছে। কাৰণ অসমৰ জনসাধাৰণ স্বাভাৱিকতে অতিষ্ঠ হৈ পৰিছে এই নাগৰিকত্বৰ পৰীক্ষা দি দি। অসমৰ উন্নয়ন, কৰ্মসংস্থাপন, বানপানী, গঢ়াখহনীয়া আদি এশ এবুৰি সমস্যা তল পেলাই যোৱা প্ৰায় ৪০টা বছৰ অসমৰ আকাশ বতাহ বিদেশী সমস্যাৰে প্ৰদূষিত হৈ আছে। এই সমস্যাৰ চূড়ান্ত সমাধান নোহোৱালৈ অসমৰ উন্নয়ন সম্ভৱ নহয়। সাধাৰণ জনতাৰ এশ অবুৰি সমস্যাৰ চিৰদিনৰ বাবে তল পেলাই ৰাখিব নোৱাৰি। গতিকে আশা কৰোঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত মানুহৰ নামত এতিয়াৰে পৰা বন্ধ হব বিদেশীৰ নটিচ, নাইবা সন্দেহজনক ভোটাৰৰ নটিচ! NRC কৰ্তৃপক্ষই অতিশীঘ্ৰে এই সম্পৰ্কে স্পষ্টীকৰণ জনাব বুলি আশা থাকিল।
#share কৰক!
Share this post 🙏
ReplyDelete