৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত অমিত শ্বাহৰ যুক্তি, "এতিয়া হ'ব জম্মু আৰু কাশ্মীৰৰ বিকাশ। ইমানদিনে ৩৭০ অনুচ্ছেদৰ কাৰণে হোৱা নাছিল জম্মু আৰু কাশ্মীৰৰ বিকাশ।" কিন্তু, কথাটো সচাকৈয়ে তেনকুৱা নেকি, নে আচল কু(?) অভিপ্ৰায় ঢাকিবলৈ হে এইবোৰ গীত গাই ফুৰিছে তেওঁ? যুক্তিহীন কথাবোৰ এইকাৰণেই কোৱা হৈছে যে ইয়াত ভাল বুলি জনমানসত পতিয়ন নিব পাৰিলেই উদ্দেশ্য সফল। যুক্তিটো এনেকুৱাই যে, "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়তে একে দলৰ চৰকাৰ নাথাকিলে ৰাজ্যৰ উন্নয়ন নহয়, বাজেটত কমকৈ পইচা অনুমোদন জনায়। ইত্যাদি।" কিন্তু এই কথাবোৰৰ উদ্দেশ্য খুব স্পষ্ট- কেন্দ্ৰত যিদলৰ চৰকাৰ থাকে ৰাজ্যতো তেনেকুৱা এখন চৰকাৰ বনাবলৈ মানুহক সহজেই পতিয়ন নিব পাৰি। অৱশ্যে কিছু পৰিশ্ৰম বেছিকৈ কৰিব লগা হয়। কিন্তু ৰাজ্য এখনৰ বাবে যিবোৰ পুঁজি নিৰ্ধাৰিত তাত হস্তক্ষেপ কেন্দ্ৰ চৰকাৰে নকৰে। কাৰণ দেশৰ বহু ৰাজ্যত শাসনত থকা দলটোৱে কেতিয়াও কেন্দ্ৰত শাসনভাৰ লোৱা নাই। মানে বহু বিকশিত ৰাজ্যত শাসনত থকা চৰকাৰৰ দলটো হল আঞ্চলিক দল। তাৰ তুলনাত সদায় কংগ্ৰেছ / বিজেপিৰ চৰকাৰৰ শাসনত থকা ৰাজ্যবোৰৰ উন্নয়ন বা উন্নয়নৰ গতি লেহেমীয়া। কাৰণ আবণ্টিত ধনৰ অপব্যবহাৰদু, দূৰ্নীতিয়ে জুৰুলা কৰিছে সেইবোৰ ৰাজ্যৰ অৰ্থনীতি, বিকাশৰ গতি।
কথাবোৰ তথ্যৰ আধাৰত নকৈ কেৱল নিজৰ মতলবী উদ্দেশ্য পূৰণ কৰিবলৈ য়ে তেনেকৈ কৈছে তেওঁ। কাৰণ বিগত বছৰবোৰৰ পৰিসংখ্যা অনুসৰি শিক্ষাৰ হাৰ, মানৱ উন্নয়ন সূচ্যাংক, মুঠ ঘৰুৱা উৎপাদন, জনমুৰি আয় আদি ক্ষেত্ৰসমূহত জম্মু আৰু কাশ্মীৰৰ সমান্তৰালকৈ চলি থকা নাইবা পিছপৰি থকা উল্লেখ্য ৰাজ্যসমূহ হ'ল-
যদি কাশ্মীৰীসকলৰ প্ৰতি আস্থা, বিশ্বাস আছে তেতিয়াহ'লে সিহঁতক গৃহবন্দী কৰাৰ কাৰণ কি? নাইবা কাশ্মীৰী ৰাজনৈতিক নেতাসকলক গৃহবন্দী কৰি বলপূৰ্বকভাৱে তথা অসাংবিধানিকভাৱে সিহঁতৰ মুখ বন্ধ ৰাখি সিহঁতৰ সবাতোকৈ স্পৰ্শকাতৰ বিষয়টোত হস্তক্ষেপ কৰাটো কেনেকৈ যুক্তিসংগত হ'ব পাৰে? যদি কাশ্মীৰী লোক সকলক বিশ্বাসত লব পৰা নাই তেনে স্থলত এইটো কেনেকৈ ধৰি লব পাৰি যে এইয়া চিৰদিনৰ বাবে কাৰ্যকৰী হৈ যাব। আকৌ জম্মু আৰু কাশ্মীৰক দ্বিখণ্ডিত কৰি সিহঁতৰ মাজত এক চিৰদিনীয়া সংঘাতৰ সৃষ্টি কৰিব বিচৰাটো কেনেকৈ ভাৰতৰ বাবে ধনাত্মক হব পাৰে? লাডাখত যেনেদৰে বিচ্ছিন্নতাবাদী সকলৰ সমৰ্থনত সিদ্ধান্ত লৈ লাডাখক পৃথককৈ কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে গঠন কৰিছে তেনেকৈ অসমৰ পৰা বডোলেণ্ডক পৃথক কৰিলে অসমীয়াই সমৰ্থন কৰিবনে? নাইবা মহাৰাষ্ট্ৰৰ মাৰাঠৱাডা, বিদৰ্ভ, খন্দেশ; গুজৰাটৰ ভিলিস্তান, কাচ্চ, সৌৰাষ্ট্ৰ; উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশৰ বুন্দেলখণ্ড, পশ্চিমবংগৰ গোৰ্খালেণ্ড আদিৰ দাবীক সমৰ্থন জনাই নতুন ৰাজ্য গঠন কৰিব নে? সম্ভৱত নকৰে কাৰণ তাত হিন্দু - মুছলিমৰ কথা নাই, তেনেকুৱা কৰিলে আৰ এছ এছ দৰে উগ্ৰ হিন্দুত্ববাদী চিন্তাধাৰাৰ মানুহে বিজেপিক সমৰ্থন নকৰিব গতিকে বিজেপিয়ে সেয়া কৰাৰ দৰকাৰ নাই। সিহঁতে জানে ভক্তিবাদত বিশ্বাসী হিন্দু সকলে কাশ্মীৰক অন্য ৰাজ্যতকৈ বেছি মৰ্যাদা দি থকাটোত সন্তষ্ট নহয়। গতিকে ইয়াত কিবা কৰিব পাৰিলে সিহঁতৰ আস্থাক চিৰস্থায়ী কৰিব পৰা যাব।
যিসকলে এই কাৰণে বা বা কৰি আছে যে এখন দেশ, এখন পতাকা থাকিব সিহঁতে মনত ৰখা উচিত প্ৰত্যেকটো ৰাজ্যত ভিন্ন ভিন্ন পতাকা থকাটোৱে গণতন্ত্ৰৰ প্ৰতি কোনো ভাবুকি সৃষ্টি কৰা নাই। এয়া সকলো ভুল বা ভিতৰুৱা উদ্দেশ্য গাপ দিয়াৰ এক পৰিকল্পিত সংলাপ হে। যদি তেনেকুৱাই হয় অসমতো তেনেকুৱা পতাকা আছে তাৰ কথা অসমৰ মানুহে কিয় ভাবিবলৈ আহৰি পোৱা নাই? মনত ৰাখিব বিমুদ্ৰাকৰণৰ পিছতো তেনেকুৱা বহু অদ্ভুত যুক্তি বজাৰত উপলব্ধ আছিল, যত মনে সজা ধৰণে চৰকাৰৰ সিদ্ধান্তক ভাল বুলি পতিয়ন নিবলৈ অহৰহ চেষ্টা কৰা হৈছিল।
গতিকে ইয়াৰ দ্বাৰা ভাৰতৰ একমাত্ৰ মুছলিম প্ৰধান ৰাজ্যৰ যিটো স্তৰ আছিল সেইটো চিৰদিনৰ বাবে বন্ধ হ'ল। দ্বিতীয়তে, ইয়াৰ দ্বাৰা কাশ্মীৰৰ ভিতৰুৱা সমস্যাবোৰত বিনাদ্বিধাই হস্তক্ষেপ কৰিব পাৰিব। বিশেষকৈ, ইছলামধৰ্মীয় ৰীতি- নীতি যেনে- বোৰ্খা, মাদ্ৰাচা, কোৰান, গো-হত্যা, মন্দিৰ- মছজিদৰ দৰে বিষয়বোৰত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব পাৰিব। তৃতীয়তে, যদিহে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বহুসংখ্যক হিন্দু, শিখ, পাৰ্চী, বৌদ্ধ লোকক ইয়াত বসতি স্থাপন কৰিব দি ভৱিষ্যতে জম্মু আৰু কাশ্মীৰৰ জনগাঁথনি সলনি কৰিব আৰু মুছলমানক সংখ্যালঘুত পৰিণত কৰিব।
Comments
Post a Comment