বহু জল্পনা কল্পনা, হাড়ভঙা পৰিশ্ৰমৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পালে য'ত ১৯ লাখ ৬ হাজৰ ৬৫৭ জন লোকৰ নাম বাদ পৰে। সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, বহুতেই ইয়াত সন্তষ্ট হ'লেও কিছুমানে ইয়াক আসোঁৱাহপূৰ্ণ বুলি পোনচোটেই নাকচ কৰি একপ্ৰকাৰে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি আছে। কিছুমানৰ আপত্তি, "ইমান কম বিদেশী ওলাব নালাগিছিল!" সিহঁতৰ পৰিকল্পিত যুক্তি, "অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাৰ ৰিপোৰ্ট মতে ৪০ লাখ বিদেশী আছে, অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মতে ৫০ লাখ বিদেশী আছে, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হৰিশংকৰ ব্ৰহ্মৰ মতে ৭০ লাখ ইত্যাদি" কথাবোৰ কৈ এতিয়া কি বুজাব বিচাৰিছে সিহঁতে?
হয়, ইয়াত ভুল থাকিব পাৰে যদি মানিয়ে লও, যদিও এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিবিচাৰো নাইবা স্বদেশীৰ নাম বাদ পৰাটোও নিবিচাৰো, কিন্তু উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা সম্পূৰ্ণ প্ৰক্ৰিয়াটোক নস্যাৎ কৰিবলৈ উঠি পৰি লাগিছে কিছু দল সংগঠন যিটো খুবেই নিন্দনীয়।
নিজৰ সন্দেহৰ ভিত্তিত কৰা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মন্তব্য বোৰক গ্ৰহণযোগ্য বুলি ধৰি লৈ এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি আছে। ফলত যোৱা ৫ টা বছৰে চলি থকা বিভিন্ন পৰীক্ষণ, শুনানি প্ৰক্ৰিয়াবোৰক সন্দেহ কৰি এতিয়া সেই পূৰ্বতে কৰা ভিত্তিহীন, ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত মন্তব্যবোৰকহে বেছি প্ৰাধান্য দি আছে! পাকে প্ৰকাৰে গোটেই প্ৰক্ৰিয়াটোক সেই অংকৰে মিলাব খুজিছে সিহঁতে। মুঠ কথা নিজৰ অমূলক ধাৰণা এটাৰ জৰিয়তে অসমৰ উন্নয়ন, কৰ্ম সংস্থাপন, নিবনুৱা সমস্যা আদিক একাষৰীয়া কৰি পুনৰ বিদেশী সমস্যাক লৈ ৰাজনৈতিক বাতাৱৰণ জীয়াই ৰাখিব বিচাৰিছে। অতি দুৰ্ভাগ্যজনক বিষয় এইটোৱেই যে, যি সময়ত কেন্দ্ৰ আৰু ৰাজ্য উভয়ত বিজেপি চৰকাৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন এজন অসমীয়া সেই সময়ত শাসকীয় দলৰেই কৰ্মী, নেতা, পালিনেতা সকলে ইয়াৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন কৰাটো অকল হাস্যকৰেই নহয় বৰং খুবেই লজ্জাজনক। সম্পূৰ্ণ প্ৰক্ৰিয়াটোত ব্যয় হোৱা ৰাজকোষৰ টকা, ৫০,০০০ ত কৈয়ো বেছি কৰ্মী সকলৰ দিন ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰমক মাত্ৰ এটা ৰাজনীতিৰ পাকচক্ৰৰ স্থায়ীকৰণৰ বাবে কৰা কিছু অযুক্তিকৰ মন্তব্যৰ বাবেই কোনোবাই অস্বীকাৰ কৰিলে ভাৰতীয় ন্যায় ব্যৱস্থাটোৰ প্ৰতি চৰম অপমান জনক কথা নহবনে? এবাৰ নহয়, দুবাৰ নহয় প্ৰায় চাৰি পাচবাৰ বা তাতোকৈ অধিক বাৰ শুনানি দি অসমৰ একাংশ ৰাইজ আৰ্থিক ভাৱেও জুৰুলা হৈছে। এই দীৰ্ঘদিনীয়া পৰিক্ৰমাটোক নস্যাৎ কৰি সিহঁতৰ ভাৰতীয় ন্যায় ব্যৱস্থাটোৰ প্ৰতি থকা অগাধ বিশ্বাস, উচ্চতম ন্যায়ালয়ৰ প্ৰতি থকা আস্থাক অৱজ্ঞা কৰা নহবনে?
বানপানী, গঢ়াখহনীয়া, নিবনুৱা সমস্যা, বৃহৎ নদী বান্ধ, নিয়োগ সৃষ্টি, বন্ধ হৈ থকা কলকাৰখানা বোৰৰ পুনৰোজ্জীৱিকৰণ আদি গুৰুতৰ সমস্যাবোৰ বাদ দি অসমৰ উন্নয়ন কোন পৰ্যায়লৈ লৈ যোৱা হৈছে এবাৰ ভাবিছেনে? আজি অসম শিক্ষা, স্বাস্থ্য, জন মুৰি আয়, মানৱ উন্নয়ন সূচ্যাংক আদি প্ৰতিটো ক্ষেত্ৰত ভাৰতৰ অন্যান্য ৰাজ্যবোৰৰ তুলনাত পিছপৰা। দুৰ্নীতি, হত্যা, ধৰ্ষণ আদিৰ কথাতো আছেই। সেই গুৰুত্বপূৰ্ণ বিষয়বোৰৰ পৰা ফালৰি কাটি আহি কেৱল বিদেশী, বাংলাদেশী কৈ আমি কি অৱস্থা পাইছো সেয়া এবাৰ ভাবি চোৱা প্ৰতিজন অসমবাসীৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। নিজৰ অধিকাৰ জানিবলৈ চৰকাৰক প্ৰশ্ন কৰক, চৰকাৰৰ প্ৰতিটো কামত নিৰীক্ষণ কৰাটো গণতন্ত্ৰৰ প্ৰধান বিষয়।
কিছুমানে যে কৈ আছে ১৯৫১ চনটোক ভিত্তি বৰ্ষ কৰিব লাগে, সিহঁতক কও, প্ৰথমতে ১৯৫১ চনৰ অসম খনৰ মানচিত্ৰ এখন কিনি চাই লওক। তাত থকা অসমখন আজিৰ অসমৰ সমান নহয়, তাৰ ৰাজধানী খনো ছিলং হে আছিল। তাত অন্তৰ্ভুক্ত আছিল মেঘালয়, নাগালেণ্ড ইত্যাদি। গতিকে আং বাং বকি সময়বোৰ নষ্ট নকৰিব। নিজৰ বদ্ধমূল ধাৰণাটোক মনৰ পৰা আতৰ কৰক, আপুনি নিজেও আহি চৰজমিনে চাই যাওক ধুবুৰী, বৰপেটা, গোৱালপাৰা আদি অঞ্চলৰ সন্দেহযুক্ত মানুহৰ জীৱন ধাৰণ, সিহঁতৰ ইতিহাস। আজিৰ অসমখনক চিনিবলৈ আৰম্ভ কৰক, ইয়াৰ নাগৰিকক ভালপাব শিকক। যি হবৰ হল এতিয়া আগুৱাই যোৱাৰ লক্ষ্য হোৱা উচিত। বাদ পৰা সকলৰো বহুতৰেই নাম কিজানি পৰৱৰ্তী পৰ্য্যায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হব, তাতো হৈ চৈ কৰি ৰাজনীতি নকৰিব। অসমৰ উন্নয়নৰ বাবে ইয়াৰ বাহিৰে অন্য কোনো বিকল্প ৰাস্তা মই হ'লে দেখা পোৱা নাই।
জয় আই অসম!

Comments
Post a Comment