এখন দেশৰ ভৌগোলিক পৰিসীমাৰ বাবেই মানুহে মানুহক আপোন কৰি ল'ব পাৰে আকৌ কেতিয়াবা পৰ বুলি অৱজ্ঞাও কৰিব পাৰে। জীৱনৰ ঘাত প্ৰতিঘাত সমূহে আমাক কিমান শিকাব পাৰিছে নৈতিকতা, আধ্যাত্মিকা, মানৱতা, সহনশীলতা, ন্যায়পৰায়নতা আদিবোৰ কিমান দূৰ শিকাব পাৰিছে নাজনো কিন্তু এই ৰাষ্ট্ৰবাদীতা ই কিন্তু বহু কিবাই শিকাইছে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ উৰ্ধত গৈ আমিবোৰ এক হবলৈ চেষ্টা কৰিছো। আমি দেশৰ প্ৰগতিত আগভাগ লবলৈ যত্ন কৰিছো, আমি দেশৰ কল্যাণত নিজকে সমৰ্পণ কৰিবলৈ সাজু হৈছো। দেশৰ প্ৰতি, দেশৰ মানুহৰ প্ৰতি, দেশৰ আইন কানুন আদিৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা ৰাখি আগবাঢ়িছো। দেশৰ মাটি পানী বায়ু আদিও যেন আপোন হৈ পৰিছে।
কিন্তু এই সীমাতেই সীমাবদ্ধ থাকিম নে আমিবোৰ? অৱশ্যই নাথাকো। কাৰণ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে আজিও এহেজাৰ কাহিনী যাৰ নায়ক- নায়িকা কোনোৱেই নাই আজি। সিহঁতৰ বংশধৰো নাই ক্ষমতাত। নাই সেই সাম্ৰাজ্য, নাই তাৰ সেনাপতি, নাই তাৰ চাৰিসীমা। সময়ৰ সোতত হেৰাই গল সেইবোৰ। আজি হয়তো সেইবোৰ পাহৰণিৰ গৰ্ভত ককবকাই আছে।
গতিকে নিজকে কোনো দেশৰ ভাল নাগৰিক বুলি পৰিচিত কৰিবলৈ অন্য দেশক অযথা গালি পাৰি, সেই ঠাইৰ মানুহৰ প্ৰতি চিৰদিনৰ বাবে বেয়া মনোভাব ৰাখিলেই নিজৰ মান সন্মান, নিজ দেশৰ সন্মান বৃদ্ধি পায়নে? বেচেৰাহতে বুজিয়ে পোৱা নাই খেলৰ নিয়ম কানুন বোৰ। ৰাজনৈতিক নেতা পালিনেতাৰ গোলামী কৰি কৰি এইবোৰ হে শিকিবলৈ লৈছে। চিৰজীৱন গোলামী কৰাৰ মজাও নিশ্চয় আছে। ৰ'ব, কথাবোৰ উদ্দেশ্যবিহীনভাৱে কোৱা নাই মই, কাৰণ আছে।
(১) মনত নিশ্চয় আছে, ৰোহিংগীয়া সকলৰ ওপৰত হৈ থকা বৰ্বৰ আক্ৰমনৰ সময়ত সমগ্ৰ দেশতে ৰাষ্ট্ৰবাদীহতে সিহঁতৰ চকুপানীক লৈ ব্যংগ কৰিছিল। সিহঁতে আশ্ৰয় বিচাৰি অহাত সিহঁতক বেয়াকৈ হাৰাশাস্তি কৰি দেশৰ পৰা বিতাড়িত কৰা হৈছিল। বহুতেই হয়তো নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিবলৈও সিহঁতক দেশ এৰিবলৈ বাধ্য কৰিছিল। কিন্তু ইতিহাসৰ পাতত পোৱাৰ দৰেই সিহঁতৰ উত্তৰসূৰী সকলো যে এদিন এনে পৰিস্থিতিত নপৰিব তাৰ কি মানে আছে? আৰু অন্য ফালে নতুন আইন বনাই হ'লেও বিদেশৰ পৰা হিন্দু আনিব চৰকাৰে। ইয়াক ৰাষ্ট্ৰবাদী বুলি নকৈ কিনো কম? তাৰমানে ইহঁতে দেশৰ চাৰিসীমাৰ বাহিৰত হৈ থকা ঘটনাৱলীসমূহ চাবও নিবিচাৰে, সিহঁতৰ হৈ ন্যায় বিচাৰি এষাৰ মাত দিয়াতো দূৰৰে কথা, সহায় বিচাৰি কোনোবা আহিলেও সিহঁতৰ দেশভক্তিত প্ৰশ্নবোধক চিহ্ন আহি পৰে নেকি তাৰ ভয়, আৰু আন এচামৰ ৰাজনৈতিক ব্যৱসায়ত বিৰাট লোকচানৰ ভয়। দেশ- বিদেশৰ বিভিন্ন সমস্যাত বিধ্বস্ত মানুহ বোৰক ইহঁতে মানুহ হিচাপে দেখিব নিবিচাৰে, তাতো আপোন- পৰ বিচাৰে, কোন ক'লা কোন বগা, কোন জাতিৰ ভাই কোন অন্য জাতি- বৰ্ণৰ আদি চাই চিতি হে সহায় কৰিবলৈ মনস্থ কৰে।
(২) সিদিনাখন ৰাজস্তানৰ এখন আদালতে পেহলু খানৰ হত্যাকাৰী সকলৰ আটাইকেইজনকে নিৰ্দোষী হিচাপে ৰায়দান কৰিলে অথচ পেহলু খানক মাৰি থকা দৃশ্য আজিও YouTube ত উপলব্ধ। মুঠতে যিমান পাৰি মুকলিকৈ অন্যায়ৰ উকালতি কৰিব লাগে আৰু সংখ্যালঘুক ভীতিগ্ৰস্ত কৰি ৰাখিব লাগে। কিন্তু ৰাষ্ট্ৰবাদী, ন্যায়ত বিশ্বাসী, সংবিধানত বিশ্বাসী দেশভক্ত সকলে এই অসাংবিধানিক ৰায়দানক অন্যায় বুলি প্ৰতিবাদ কৰা নাই। মুঠতে এই দেশত মুছলমান মৰি শেষ হৈ গ'লেও কোনেও প্ৰতিবাদ নকৰে, সিহঁতৰ হয়তো এজনো মুছলমান নথকা কাল্পনিক দেশ এখনৰ নাগৰিক হোৱাৰ বাসনাটো পূৰণ হব। ইয়াত কিন্তু ওলোটা, নিজৰ দেশৰ মানুহ বুলি যিটো টান থাকিব লাগিছিল সেইখিনি দেখিবলৈ পোৱা নগ'ল ৰাষ্ট্ৰবাদীহতৰ মাজত। ইয়াত ধৰ্ম- বৰ্ণ, জাতিভেদ আদি বাধা স্বৰূপ ৰৈ গ'ল আগত। কোনেও ন্যায় বিচাৰি নগল আদালতৰ মজিয়াত, মুছলমান মহিলাক ন্যায় দিয়াৰ নাটক কৰা সকলেও পেহলু খানৰ মাতৃ, পত্নী, ভগ্নীৰ চকুপানী মচিবলৈ নগ'ল। এয়া যেন সিহঁতৰ আশা কৰামতেহে হৈছে, আফচোচ কৰিবলৈ, সকাহ দিবলৈ, আশ্বাস দিবলৈ কি নো আছে?
Comments
Post a Comment