ই কি আচৰিত!
নৰকংকালবোৰে সাৰ পাইছে কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা?
নাখায় নাখায় সিহঁতৰ চেহেৰা মৃতপ্ৰায় হৈছে
দেহত মাংস নাই বুলিবই পাৰি
কেইটামানৰ দেহত তো দাগ বহি গৈছে
গোলামী কৰি কৰি নিজৰ সকলো হেৰুৱাই
এতিয়া আহিছে নিজৰ দেহাটোক দান কৰিবলৈ
তাত শক্তি নাই, শৌৰ্য- বীৰ্য একোৱেই নাই
হয়তো নিজৰ দেহৰ মাংসবোৰো কোনোবাই
বেচি দিছিল বজাৰৰ সস্তীয়া পণ্যদৰত
দেহত থকা কিঞ্চিত বলেৰেই
কংকালবোৰে আৰ্তনাদ কৰিব ধৰিছে
নিজৰ অধিকাৰ বিচাৰি গগণ ফালি চিঞৰিছে
পিছে শুনোতা নাই কোনো, বৰং
সকলোৱে মত্ত হৈছে নিজৰ স্বাৰ্থ পূৰণত
অধিকাৰ বিচাৰি অট্টহাস্য কৰাসকলক
বিদ্ৰুপ কৰি হাঁহিছে সিহঁতে,
সিহঁত আনন্দমনেৰে উপভোগ কৰিছে সমগ্ৰ ঘটনা,
যেন সিহঁত দৰ্শক,
সমবেত হৈছে চিনেমা হলত
আৰু উপভোগ কৰি আছে এখন নাটক।
মাজে মাজে হাত চাপৰিৰে মুখৰিত কৰিছে চৌপাশ।
পিছে, এইবাৰ থমকি নৰয় নৰকংকালবোৰ
কাৰণ এইবাৰ সিহঁতৰ ভয় নাই
কিছু হেৰুৱাৰ,
সকলো শেষ এতিয়া মৃতপ্ৰায় দেহাটোক লৈ পিছ হুহুকি নাযায় সিহঁত
কাৰণ,
সিহঁতে বুজি পাইছে সিহঁতৰ ভুল
চিনিব পাৰিছে সিহঁতৰ শত্ৰু
সেয়েহে সিহঁতে কৰিছে আৰ্তনাদ
নিজৰ অধিকাৰ বিচাৰি,
এটি সঠিক বাটৰ সন্ধান বিচাৰি।
অধিকাৰ বিচাৰি মৃতপ্ৰায় হৈছো আমিবোৰ! |
Comments
Post a Comment