প্ৰায় এসপ্তাহমান আগৰ কথা। অনবৰতে মগজুত পাক মাৰি থকা Detention Camp আৰু D Voter বিষয় দুটাত নিজৰ মতামত জানিবলৈ এজন অতি ভক্ত কংগ্ৰেছ কৰ্মী (নাম প্ৰকাশ কৰিব নোৱাৰিলো) সোধাত যি ক'লে সেয়া শুনি মই অবাক হৈ পৰিলোঁ। খুবেই সংক্ষিপ্ত কথোপকথন এই ধৰণৰ-
মই - আচ্ছা, আপুনি কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় সদস্য আৰু মই সমালোচক। এতিয়া বাকীবোৰ কথা বাদেই দিলো, এই যে D Voter Detention camp কংগ্ৰেছ চৰকাৰে বনাইছে। সেয়া গৰিহণাযোগ্য আৰু নিন্দনীয় নহয় নে?
ভক্ত - নাই, ঠিকেই আছে!
মই - কি???
ভক্ত - মানে, আমাৰ মিঞা মানুহখিনি অলপ বুৰ্বক, অজলা বিধৰ। এই ৱছিলাত চতুৰ হ'ব পাৰিছে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শিকিছে।
মই - (ক্ষন্তেক সময় তাৰ মুখৰ পিনে চাই লৈ) আপুনি এনেকুৱা মন্তব্য দিব পাৰিছে? শিক্ষিত মানুহ, টিউচন পাতি কৰে। ডিটেনশন কেম্পত যোৱা কোনোবাজনক লগ পাইছে নেকি? এবাৰ সুধি চাব। ভক্তগিৰি কৰাৰো এটা সীমা থকা উচিত। আপুনি এনেদৰে কব বুলি মই কাহানিও ভবা নাছিলো দেই। শিক্ষা-দীক্ষাৰ নামত নাই, ৰাস্তা ঘাট নাই, চাকৰি বাকৰি নাই আৰু এনেকৈ এই বৃহৎ জাতিটোক চতুৰ বনাব, শিকাব!
এতিয়া ভাবক! আমাৰ শিক্ষিতচামৰ চিন্তাধাৰা। মই আজিও ভাবো সি এনেকুৱা মন্তব্য দিব পাৰিছিল মানে প্ৰায় অধিকাংশ ভক্তই এনেকুৱা বিধৰ আৰু আমি সিহঁতক এশিকনি দিয়া উচিত।
Comments
Post a Comment