#READ_PLEASE🤔
#সমূহ_ৰাজনৈতিক_কৰ্মীলৈ 👁️👁️👁️
ছালাম গ্ৰহণ কৰিব। প্ৰথমতেই আপোনালোকলৈ শুভেচ্ছা থাকিল অসম, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিশগড় ৰাজ্যত লাভ কৰা সফলতাৰ বাবে। আশা কৰোঁ ৰাইজে দিয়া ব্যাপক সহাঁৰিক আপোনালোকে গুৰুত্ব দি দেশৰ বিকাশ ত্বৰান্বিত কৰিব।
এতিয়া আহোঁ মূল বিষয়লৈ। মই যোৱাকালি ফেচবুকত কৰা পোষ্টবোৰৰ পৰা বহুতে মোক গালি শপনিও পাৰিছে, কিছুমানে আকৌ ধনাত্মক দৃষ্টিভংগীৰে মোৰ মতক সমৰ্থনো কৰিছে। আটাইকে কওঁ মই কোনো ৰাজনৈতিক দলৰ গোলামী নকৰো। মই বিজেপি, অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ, আম আদমী পাৰ্টি আদি প্ৰত্যেক দলৰ বেয়াখিনিক সমালোচনা কৰোঁ আৰু আগলৈও কৰি যাম ইনশা আল্লাহ। তাৰ বাবে কোনোবাই বেয়া পালেও উপায় নাই। কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ গোলামী মই কেতিয়াও কৰা নাই আৰু আগলৈও নকৰো। মই হালাল, হাৰাম বাছ-বিচাৰ কৰোঁ কাৰণ কিয়ামতৰ মাঠত আপুনিও নাথাকিব, কোনো মন্ত্ৰী-বিধায়কো নাথাকিব। গতিকে কোনোবাই মোক অতি বেছি বেয়া পালে Unfriend কৰিব পাৰে।
মোৰ প্ৰশ্ন - কংগ্ৰেছে কিয় ভোট ভিক্ষা কৰাৰ সময়ত মিঞাভাই সকলক কেৱল বিজেপি-অগপ ৰ দ্বাৰা হৈ থকা হাৰাশাস্তিৰ ভয় দেখুওৱাই ? কিয় সিহঁতে নকয়- আমি তোমালোকক শিক্ষিত কৰিলোঁ, ৰাস্তা-ঘাট উন্নতি কৰিলোঁ, চিকিৎসা ব্যৱস্থা উন্নত কৰিলোঁ, গাওঁ পৰিষ্কাৰ খোৱাপানী দিলো, গাওঁৰ যুৱ সমাজক কৰ্মসংস্থাপন দিলো etc. ??? কিয় নকয় আমি দেশৰ দুৰ্নীতি বন্ধ কৰিম? কিয় নকয় যোগ্য প্ৰাৰ্থীক আমি টিকট দিছো তোমালোকে আমাক ভোট দিয়া? কংগ্ৰেছ কৰে বুলি MLA ৰ ঘৰৰ কুকুৰটোক টিকট দিলেও তাক ভোট দিয়াটো উচিত নে? আমি কিয় কংগ্ৰেছৰ বিগতদিনৰ কামসমূহ নিৰপক্ষ ভাৱে হিচাপ নকৰো? কাম কৰিছে কিন্তু যিমান কৰিব লাগিছিল সিমানখিনি কৰা নাই, তাৰ সিকিও কৰা নাই। কাৰণ আমাক কেৱল ভয় দেখুওৱাইৱেই ভোট আদায় কৰিব পাৰে, উন্নয়নৰ কথাই নাহে। যিখিনি কৰিছে সেয়াও নিজৰ নিৰ্বাচনৰ সময়ত লোৱা ধাৰৰ পৰিশোধৰ বাবেহে। অমুক ঠকাদাৰ, তমুক ইঞ্জিনীয়াৰৰ পৰা নিৰ্বাচনৰ সময়ত লোৱা পইচা আদিৰ পৰিশোধ। আৰু কিছু শিক্ষিত দালাল আছেই, যিসকলে ৰাইজক সেৱাৰ নামত ৰাইজৰ বাবে আৱণ্টিত ধনৰ কিছু অংশ ৰাখি, বাকীখিনি MLA মন্ত্ৰীক দিয়ে। এয়াই পৰম্পৰা। আমাক কিয় ভয় দেখুওৱাই ভোট আদায় কৰে কংগ্ৰেছে?
যোৱা ৫০ বছৰে, বাদ দিয়ক ৫০ বছৰ গগৈ চৰকাৰৰ ১৫ বছৰে আমাক কি দিলে তাৰ খতিয়ান লোৱাটো ভুল নেকি? কিয় আমি আজীৱন কংগ্ৰেছী হৈ পৰিলোঁ? মই এই দেশৰ নাগৰিক হিচাপ এনেকুৱা হেজাৰ প্ৰশ্ন কৰাৰ অধিকাৰ মোৰ আছে। বিজেপি, অগপ ৰ ভয় দেখুওৱা কংগ্ৰেছ কেন্দ্ৰত থকাৰ সময়তেই বাবৰি মছজিদ ধ্বংসস্তূপত পৰিণত হৈছিল, ডিটেনশ্বন কেম্প তৰুণ গগৈৰ বিশেষ উপহাৰ। ডি- ভোটাৰৰ খেলখনত কংগ্ৰেছৰ অৱদানো কম নহয়। BTAD ত চলা নিধনযজ্ঞত কিমান নিষ্পাপ মানুহ মৰিছিল, পাহৰিলে নেকি? কাৰ দিনত হৈছিল মনত নাই নেকি? আৰু আছে বহু কাৰনামা। ৰাজনীতিৰ অ, আ নজনা সকলেও জানে যে MLA এজনৰ দৰমহা কিমান আৰু তাৰ বিপৰীতে মাথোঁ ৫ বছৰ কাৰ্যকালৰ (যেতিয়া কেন্দ্ৰত আৰু ৰাজ্য চৰকাৰ উভয়ে কংগ্ৰেছৰ দখলত আছিল) পিছত সেইজন MLA গুৱাহাটীত মাটি কিমান লৈছে। এইটো এজন নিৰ্দলীয় বিধায়কৰ ক্ষেত্ৰতেই প্ৰযোজ্য, শাসকীয় দলৰ হ'লে তো জানেই। এই সম্পত্তি কাৰ? কোৰানত আছে- দুখীয়া, এতিমৰ সম্পত্তি খোৱাসকলৰ শাস্তিৰ কথা। আনকি, ধনী মানুহ এজনৰ পৰা অবৈধভাৱে লোৱা এক টকাটোও হৈ পৰিব পাৰে জহন্নামত যোৱাৰ কাৰণ। তেনেস্থলত ৰাইজৰ বাবে নিৰ্ধাৰিত পুঁজিৰ পৰা চুৰি কৰি, হক কাঢ়ি গুৱাহাটী- দিল্লীত মাটি বাৰী কৰাসকলক মই অন্তঃত বেয়া পাও। ৰাইজক সেৱা কৰাৰ নামত এয়া কি? SP Office, DC Office আদিত লোৱা ঘোচৰ এক বৃহৎ অংশ যে মন্ত্ৰী-বিধায়কে পায় সেয়া নাজানে নেকি? সকলো ঠাইতে প্ৰতিষ্ঠা কৰিছে এই নিয়ম। লাখ-লাখ টকা দি টিকট আনি, নিৰ্বাচনৰ আগত চাহ-মদ, গৰু-গাহৰি আদিৰ যোগান ধৰাৰ বাবদ ব্যয় হোৱা পইচাবোৰ আকাশৰ পৰা সৰি নপৰে। আপুনি মই দিয়া কৰ, ঘোচ, গুণ্ডা Tax ৰ আদিৰ এটা ক্ষুদ্ৰ অংশহে। পুৰা System টো বনাইছে তেনেকুৱাকৈ। সেয়া সময় থাকোতেই সলনি কৰিব লাগিব নহ'লে কোনোবাদিন এনেকুৱাও হ'ব পাৰে আপুনি, মই নাইবা আমাৰ উত্তৰপুৰুষ আদি নেতাৰ ঘৰৰ পৰা ভিক্ষা খুজি আহি নিজৰ পেটটো পুহিব। মই আপোনাক কোৱা নাই যে আপুনি কংগ্ৰেছ, বা বিজেপি বাদ দিয়ক; হয়তো মোৰ কথাত আদৰ নকৰিবও পাৰে, কিন্তু ভাৱি চাওক। চৰকাৰী seal থকা ঔষধবিধ বাহিৰত বিক্ৰী হৈ আছে কাৰ নিৰ্দেশত? চৰকাৰে আৱণ্টন দিয়া সুলভ মূল্যৰ দোকানত ইমান দুৰ্নীতি কোনে কৰোৱাইছে? বিনামূলীয়া বহীবোৰ দোকানৰ পৰা আপুনিও হয়তো কিনিছে? এবাৰো ইচ্ছা নাযায় নে এইবোৰ বন্ধ কৰিবলৈ? আজিও ঠেলাত যেতিয়া গৰ্ভৱতী মহিলা এজনীয়ে যেতিয়া প্ৰসৱ কৰা শুনা পাও, চকুলো বৈ আহে? আজিও যেতিয়া শুনা পাও ঔষধ পাতি কিনিব নোৱাৰি মানুহজন মৰিল, খুবেই বেয়া লাগে। আমিও কোনো সৰগৰ পৰা ফিৰিস্তা নহও, কোনো বিলাসী জীৱন যাপন কৰা ৰাজপৰিয়ালৰ সদস্যও নহয়। নৈপৰীয়া এজন যুৱক আমি। আমাৰ জ্ঞান সীমিত হ'লেও, আল্লাহৰ কৃপাত বহুখিনি শিকিলোঁ, দেখিলো। যোৱাকালিও মই বাঘবৰৰ পশ্চিমত অৱস্থিত চাপৰি পথাৰ চৰত এটা বিশেষ সামাজিক কামত গৈছিলো। সাধাৰণ মানুহ, সহজ- সৰল মানুহ, বুজিও নুবুজা হৈ পৰে সিহঁত। সিহঁতৰ বাবে কি কৰিলে চৰকাৰে, প্ৰশাসনে আদি বিভিন্ন কথা- বতৰা কৰিলোঁ। কতা, একোৱেই কৰা নাই। ভোট ভিক্ষা কৰে কেৱল অমুক চৰকাৰ বেয়া, তমুক বেয়া, আমি কমচেকম শান্তিত থাকিব দিম আদি সংলাপ বকি। শুনিলে খুবেই বেয়া লাগে। কিয় নকয়, ইয়াত এখন স্কুল বনাই দিম, এখন মিনি হস্পিতাল দিম, আপোনালোকক মাটিৰ পট্টা দিম, চৰ খন কেতিয়াবা নোহোৱা হলে পুনৰ সংস্থাপন দিম??? সেইবোৰ কৰিবলৈ বিশেষ গুণ থাকিব লাগিব যিবোৰ আমাৰ নেতাৰ নাই। সিহঁতো কোনোবাৰ গুলামী কৰি আছে কি ঠিক! সিহতেও কোনোবাক চান্দা দি আছে কি ঠিক! মাথো এবাৰ কংগ্ৰেছক এসেকা দিব পাৰিলে হয়তো বুজিলে হেতেন, কিন্তু নাই আমাৰ মন মগজুত ভয় সোমোৱাই দিছে। আমি যিমান আৱেগিক হৈ থাকিম আমাক এইদৰে ঠগাই থাকিব এচাম নেতাৰ মুখাপিন্ধা ডকাইতে। আমাৰ সৰলতাক Misuse কৰি আছে। আমাৰ অধিকাৰক লৈ ধেমালি কৰি আছে। আমাক উন্নয়নৰ কথা পাহৰাই দিছে, আমাক হিন্দু- মুছলিম, মন্দিৰ -মছজিদ আদিত সোমোৱাই দিছে। কোনে দিছে, সেয়াও অস্পষ্ট। তাকে লৈ চলি থাকে বোকা ছটিওৱা ৰাজনীতি। আমি আৰু মানুহ হৈ থকা নাই যেন লাগে। নিজৰ অধিকাৰৰ বাবেও ভিক্ষা খুজিবলগীয়া হৈছে আৰু চৰকাৰে কয় -ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ, সবকা সাথ সবকা বিকাশ। ঘেণ্টা।
(ইনশ্বা আল্লাহ নতুন বছৰটোত Video পোষ্ট কৰিম) #Share🙏🙏🙏

Comments
Post a Comment