Skip to main content

উইঘুৰ জাতিৰ ওপৰত চলি থকা নিৰ্যাতন ।

মধ্য এছিয়াত কেইবা শতিকা ধৰি বসবাস কৰা তুৰ্কীৰ এটি জাতি যিটোৱে প্ৰতিদিনে কৰি আছে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম। বৰ্তমান বিশ্বত সবাতোকৈ লাঞ্চিত, বঞ্চিত, শোষিত এটি জাতিৰ নাম উইঘুৰ। নামটো বৰ আচহুৱা যেন লাগিলেও এই জাতিৰ জনসংখ্যা প্ৰায় ৩০ মিলিয়ন। মূলত চীন আৰু মধ্য এছিয়াত বসবাস কৰা এই জাতিৰ সংগ্ৰাম ৰোহিংগিয়া সকলৰ দৰেই। 

 চীন দেশৰ উত্তৰ পশ্চিম প্ৰান্তত (উজবেকিস্তান, আফগানিস্তান, তুৰ্কমেনিস্তান আদি) দেশৰ সীমামূৰীয়া ঠাইবোৰত শেহতীয়াকৈ চলিছে চৰম অমানৱীয় আৰু জঘন্য নিৰ্যাতন।

প্ৰধানতঃ Xinjiang (জিনজিয়াং)অঞ্চলত বৰ্তমানৰ চীনা প্ৰশাসনে চলাই থকা অমানৱীয় নিৰ্যাতনে বহুতৰে চকু কপালত তুলিছে। জিনজিয়াংৰ বাদে উইঘুৰ সকলৰ দ্বিতীয় ঘনবসতি এলেকা হ'ল দক্ষিণ মধ্য Hunan (হুনান) প্ৰদেশ। উইঘুৰ সকল এই অঞ্চলৰ চৰকাৰীভাৱে স্বীকৃত ৫৬ টা নৃ- তাত্ত্বিক সংখ্যালঘু গোষ্ঠীৰ অন্যতম। চীন দেশৰ বাহিৰেও মধ্য এছিয়াৰ অন্যান্য দেশ কাজাখস্তান, কিৰ্গিস্তান, উজবেকিস্তান, আফগানিস্তান আদি দেশত উল্লেখ্যযোগ্য পৰিসংখ্যাত উইঘুৰ সম্প্ৰদায়ৰ লোক আছে। তাৰোপৰি পাকিস্তান, ৰাছিয়া, জাৰ্মানী, ছুইডেন, নেডাৰলেণ্ড, তুৰ্কী আদি দেশত কিছু সংখ্যক আছে।

উইঘুৰ সকলক ৰাছিয়ানসকলে Sart(ছাৰ্ট) বুলিহে সম্বোধন কৰিছিল এসময়ত। আনহাতে পশ্চিমীয়া সকলে সিহঁতক তুৰ্ক (তুৰ্কীৰ পৰা প্ৰব্ৰজন হৈ অহা বাবে) বুলি কৈছিল। অইন দেশৰ মানুহেও সিহঁতক তুৰ্ক বুলিয়েই জানিছিল ১৯২১ চনৰ আগলৈ যিহেতু উইঘুৰ শব্দৰ দ্বাৰা সিহঁতক তাৰ পিছৰ পৰাহে সম্বোধন কৰা আৰম্ভ হয়। এইক্ষেত্ৰত বুৰঞ্জীবিদ সকলো একমত যে ১৯২১ চনত কাজাখস্তানৰ ৰাজধানী তাসকেণ্ট (Tashkent)ত হোৱা সন্মিলনত লোৱা এক সিদ্ধান্তমৰ্মে উইঘুৰ শব্দটো গ্ৰহণ কৰা হয় য'ত মূলত তুৰ্কীৰ মুছলমান সকলে অংশগ্ৰহণ কৰে। 

কমিউনিষ্ট নেতা মাও চে টুঙৰ শাসনকালতো এই জাতিটোক উইঘুৰ নামেৰেই শ্ৰেণীভূক্ত কৰে। উইঘুৰৰ ইতিহাসবিধ সকলে সিহঁতক Xinjiang ৰ প্ৰকৃত বাসিন্দা বুলি দাবী কৰি আহিছে আৰু ইয়াৰ ওপৰত তথ্যভিত্তিক বৰ্ণনাৰে ৰাজনীতিবিদ তথা ইতিহাসবিদ মুহম্মদ আমিন বুঘৰা ( ১৯০১-১৯৬৫) ই লিখি উলিয়াই "A History Of East Turkestan" নামৰ কিতাপখন আৰু প্ৰায় ৯০০০ বছৰৰ ইতিহাস বহলাই দাঙি ধৰে। আনহাতে World Uyghur Congress ( বিশ্ব উইঘুৰ কংগ্ৰেছ) এ দাবী কৰে সিহঁতৰ ৪০০০ বছৰ পূৰণি ইতিহাস। আচলতে এই ঠাইক বলপূৰ্বক ভাৱে নিজৰ শাসনত লয় চীনা শাসকে অতি শেহতীয়াকৈ। 
দশম শতিকাত Karluks, Yagmas, Chigils আৰু কিছু তুৰ্কীয় জনজাতিয়ে মিলি গঠন কৰে Kara Kharid Khanate (KKK) । ৯৩৪ চনত Sultan Satuq Bughra Khan নামৰ তুৰ্কী ব্যক্তিজনে প্ৰথমজন ব্যক্তি হিচাপে ইছলাম গ্ৰহণ কৰে আৰু অতি কম সময়ৰ ভিতৰত বাকী মানুহখিনিৰ মাজতো ইছলামৰ প্ৰতি নৰম ধাৰণা জাগি উঠিবলৈ লয়। নতুনকৈ মুছলমান হোৱা বহুতেই ৰজাৰ শাসনত থাকি ইছলামৰ প্ৰচাৰ কৰিব নোৱাৰাত ই প্ৰয়োজনতকৈ বেছি সময় লয় আৰু ১৭ শতিকাতহে উইঘুৰ সকলে সম্পূৰ্ণভাৱে ইছলাম গ্ৰহণ কৰে। ইয়াৰ আগতে অৱশ্যে ১২  আৰু ১৩ শতিকাত অমুছলিম সকলৰ শাসনত ইছলামৰ প্ৰচাৰ নকৰি দুটা ভিন্ন গোটত বিভক্ত হৈ কমিউনিষ্ট শাসক আৰু ৰুছ শাসকৰ হৈ কাম কৰে। প্ৰথমতে Kara Khitan আৰু দ্বিতীয়তে Mongols ৰ অধীনত থাকে উইঘুৰ সকল। Ghengis Khan ( চেংগিজ খাঁ‌) ৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ Chagatai Khan ( চাগাটাই খাঁ‌) ই ইছ্লাম গ্ৰহণ কৰাৰ পিছত দ্ৰুত হাৰত ইছলামলৈ দীক্ষিত হয় সাধাৰণ জনতা। ১৭শতিকাৰ পৰা ১৯১২ চনলৈ (Republic Of China ই শাসন কৰিবলৈ আৰম্ভ কৰাৰ আগলৈ) Qing Dynasty এ উইঘুৰ সকলক শাসন কৰে।

১৯২০ চনলৈ Pan Turkic Jiddists সকল Xinjiang ৰ শাসক Yang Zengxin ৰ বাবে বাধা হৈ পৰে। এই সময়ছোৱাতে উইঘুৰসকলে ৰাছিয়াৰ শাসক Joseph Stalin ৰ সহায়ত ২ বাৰ স্বাধীনতা লাভ কৰে ১৯৩৩ আৰু ১৯৪৪ ত। প্ৰথমতে First East Turkestan Republic এটা অতি চমু সময়ৰ বাবে স্বাধীনতাৰ প্ৰচেষ্টা আছিল যিটো যিটো Chinese মুছলমানৰ এটা ৰাজনৈতিক গোট (নেতা Ma Zhancang, Ma Fuyuan) ৰ দ্বাৰাই ব্যৰ্থ হয় ১৯৩৪ চনত হোৱা Kashgar ৰ যুদ্ধত। দ্বিতীয়তে ১৯৪৪ চনত Second East Turkestan Republic ( Soviet ৰ সহায়ত) চৰকাৰ গঠন কৰে  যিটোৱে মাত্ৰ ৫ বছৰ শাসন কৰে আৰু ১৯৪৯ চনত চৰকাৰ ভংগ হয়। বিচ্ছিন্নতাবাদী নেতা আমিন বুঘৰা আদিয়ে Soviet ৰ সমৰ্থনত হোৱা চৰকাৰৰ বিৰোধিতা কৰে আৰু Republic of China ৰ সমৰ্থন কৰে। মাও ৱে ১ অক্টোবৰ, ১৯৪৯ ত Republic of China প্ৰতিষ্ঠা কৰি Ili Kazakh Autonomous Prefecture গঠন কৰি Saifuddin Azizi ক কমিউনিষ্ট পাৰ্টিৰ প্ৰথম Governor পাতে। তাৰ পাছৰে পৰা কমিউনিষ্ট শাসনত 

উইঘুৰ সকলে ধৰ্মীয়, সামাজিক দিশত বিভিন্ন ধৰণে বঞ্চনাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ কমিউনিষ্ট শাসক সকলৰ ইছলামৰ প্ৰতি থকা বিদ্বেষ ভাৱধাৰাই উইঘুৰ সকলক বিভিন্ন সময়ত শাৰীৰিক, মানসিক ভাৱে অত্যাচাৰ চলাই আহিছে। ৯/১১ ৰ পিছত এই নিৰ্যাতন খুব সাংঘাতিকভাৱে বৃদ্ধি পায়, বিশেষকৈ উইঘুৰ সকলক "সন্ত্ৰাসবাদী" বুলি লেবেল লগায় এই নিৰ্যাতন পূৰ্বতকৈ বহুগুণে বৃদ্ধি কৰে। ইয়াৰ সমান্তৰালকৈ চীনৰ উইঘুৰ সকলৰ দল Turkestan Islamic Party (TIP) ক সন্ত্ৰাসৰ লগত জড়িত বুলি কৈ এই অত্যাচাৰ তীব্ৰ কৰি তোলে, যিটো সংগঠনৰ কোনো ভিত্তি থকাৰ প্ৰমাণ নাই। Chinese Communist Party ৰ উইঘুৰ সকলৰ প্ৰধান বসতিকৃত Xinjiang প্ৰদেশৰ Secretary Wang Lequan ৰ মতে বেইজিঙ অলিম্পিক ২০০৮ ৰ আৰম্ভ হোৱাৰ আগতে, জানুৱাৰী ২০০৮ৰ পৰা জুলাই ২০০৮ লৈ চীনা প্ৰশাসনে ২৫ জন উইঘুৰ মুছলমানক সন্ত্ৰাসৰ লগত জড়িত থকাৰ সন্দেহত হত্যা কৰে, ৭৬ জনক সন্ত্ৰাসবাদী কাম কাজত জড়িত থকাৰ গোচৰত দোষী সাব্যস্ত কৰে, তাৰ ভিতৰত ২৫ জনক ফাচী দিয়া হয় আৰু ২ জনক ৰাইজৰ ভিৰৰ মাজত মৃত্যুৰ বাবে এৰি দিয়া হয়। ৪ জানুৱাৰী ২০০৯ত এই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পায় আৰু ১৩০০ উইঘুৰক আটক কৰে যিটো ২০০৭ ত আছিল ৭৪২, এইদৰে প্ৰতিবাদ, প্ৰতিশোধ, লাঞ্চনা  বঞ্চনাৰ মাজেৰে প্ৰতিটো দিন পাৰ কৰিছে উইঘুৰ সকলে।

ৰাষ্ট্ৰসংঘৰ এক Documentary ৰ মতে কম আয় আৰু দৰিদ্ৰতাই উইঘুৰ সকলক কোঙা কৰিছে। বহু উদ্যমী মেধাৱী ছাত্ৰই স্নাতক হৈ কৰ্মসংস্থাপন পোৱা নাই, যিটো চীনা চৰকাৰৰ একপক্ষীয় শোষণ নীতিৰ ফলত সাংঘাতিকভাৱে বৃদ্ধি পাইছে। এক নতুন আঁ‌চনি অনুসৰি উইঘুৰ যুৱতী সকলক চীনৰ অন্যান্য প্ৰান্তত চাকৰি দিয়াৰ বাবে ব্যৱস্থা কৰি বহু চীনা যুৱতীক উইঘুৰৰ পৰা চিৰ দিনৰ কাৰণে স্থানান্তৰিত কৰিছে।

      শেহতীয়াকৈ এই যুৱতীসকলক বলপূৰ্বক কমিউনিষ্ট (অমুছলিম যুৱক) ৰ ওচৰত বিয়া দিবলৈ আৰম্ভ কৰিছে, অমান্তি কৰাৰ বাবে বহুতো যুৱতীয়ে ধৰ্ষণ, হত্যা আদিৰ বলি হৈছে, যাৰ ফলত উইঘুৰ সকল নিজৰ প্ৰদেশত নিজেই সংখ্যালঘুত পৰিণত হৈছে। East Turkestan ত থকা উইঘুৰ সকলৰ ওপৰত Sinification (ইয়াৰ দ্বাৰা চীনাসকলে অ-চীনা সকলক নিজৰ তলতীয়া কৰি ৰাখিব পাৰে) আৰম্ভ কৰি বিভিন্ন ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক নিয়ম ৰীতি নীতিত দখল দিবলৈ চেষ্টা কৰি আহিছে। সাধাৰণতে উইঘুৰ সকলক হজ্ব, ৰোজা, নামাজ, কোৰান বেচা-কিনা-পঢ়া আফিত কঠোৰ ভাৱে দমন কৰি আহিছে চীনা কমিউনিষ্ট শাসনে। ছাত্ৰ- ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী, চাকৰিয়াল সকলক ৰোজা ৰাখিবলৈ দিয়া নহয়। আনকি ৰমজান মাহত সিহঁতৰ ৰেস্তোৰা, হোটেল আদি জোৰ জবস্তি খোলা ৰাখিবলৈ দিয়া হয়। 

 Liu Xiaoming এ ২০ আগষ্ট, ২০১৮ ত লিখিছে - ২৪,৪০০ মছজিদ আছে XUAR ত যিবোৰত দিনে নিশাই আক্ৰমণ চলাই আহিছে চীনা সামৰিক বাহিনীয়ে। সাধাৰণ ভাৱে ধৰ্মীয় ৰীতি নীতিত (নামাজ , ৰোজা, হজ্জ আদিৰ লগতে দাড়ি দীঘলকৈ ৰখা, টুপী পিন্ধা, কুৰ্তা পিন্ধা আদিতো ) প্ৰতিবন্ধকতা আৰোপ কৰি আহিছে। অতি তাৎপৰ্য্যপূৰ্ণভাৱে এই বোৰ তথ্য প্ৰচাৰ কৰাটোও এক সাংঘাতিক অপৰাধ ৰূপে গন্য কৰা হয়। ডিচেম্বৰ ২০১৬ ত এই বিষয়ে বিভিন্ন জনক (উইঘুৰ) ক সোধাত উত্তৰ নিদিয়াত Radio For Asia (RFA) ৰ Uyghur Service ৰ দ্বাৰা মাত্ৰ তিনি মাহৰ ভিতৰত ৫০০০ মছজিদ ভাঙি দিয়াৰ এক সাংঘাতিক তথ্য পোহৰলৈ আহে। 

Toqsu ৰ এজন চৰকাৰী বিষয়াই জানিবলৈ দিয়া মতে অঞ্চলটোৰ  ১২০ খন মছজিদৰ এতিয়া মাত্ৰ ৯ / ১০ খনহে আক্ৰমণৰ পৰা নিৰাপদে অক্ষয় অৱস্থাত আছে।  বাকী বোৰ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে আৰু সেইবোৰ ঠাইত বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদি পাতি দিয়া হৈছে। ২০১৭ ত ভঙা দুটা মছজিদৰ ( Hotan প্ৰদেশত ) ঠাইত এতিয়া Underwear Factory আৰু নাচ গানৰ কেন্দ্ৰ বনাইছে চীনৰ আগশাৰীৰ কোম্পানীয়ে। যোৱা জুলাই মাহত Financial Times ত প্ৰকাশিত এক প্ৰতিবেদন মতে বিশ্বৰ সৰ্ববৃহৎ গুপ্তচৰ কেমেৰা নিৰ্মান কোম্পানীৰ পৰা ১০০০ Face recognise camera কিনি মছজিদত ব্যৱহাৰ কৰা হৈছে আৰু বিভিন্ন ধৰণে সেইবোৰৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে। 

অতি শেহতীয়া কৈ সহস্ত্ৰাধিক উইঘুৰক Re- education camp ত পঠিয়াই সেইসকলক কমিউনিষ্ট পাৰ্টিৰ শিক্ষা প্ৰদান কৰাৰ সমান্তৰালকৈ ইছলামৰ বিষয়ে বিভিন্ন আপত্তিজনক মিথ্যাচাৰ শিকাই সেইবোৰ প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়। তাৰোপৰি সেইবোৰত থকা মহিলা, যুৱতীসকলক ধৰ্ষণ আদি কৰা হয়। গাহৰি মাংস (pork) , মদ, ভেকুলী মাংস, বাদুলি, কুকুৰৰ মাংস আদি বলপূৰ্বকভাৱে খুওৱা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰে জাৰ্মান ইহুদিসকলক  Concentration camp বা Holocaust ত নিক্ষেপ কৰাৰ দৰে প্ৰতিদিন হেজাৰোধিক উইঘুৰক তেনেকুৱা হ'ল'কাষ্টত ৰাখি অমানৱীয় নিৰ্যাতন চলাই থকাৰ পিছতো ইছলামিক বিশ্ব নিৰৱ, নিৰৱ আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। ভাৰত, পাকিস্তান আদি দেশবোৰেও চীনা চৰকাৰৰ লগত নাইবা আন্তঃ ৰাষ্ট্ৰীয় মঞ্চত চৰকাৰীভাৱে কোনো আলোচনা নকৰাত চীনা কমিউনিষ্ট শাসনে অতি সহজেই চলাই আছে ইছলাম ধ্বংসৰ এক কৰুণ ৰক্তক্ষয়ৰ প্ৰতিযোগীতা। আৰৱ বিশ্বও আছে গভীৰ নিদ্ৰাত, সাৰ পাব কেতিয়া সেয়া সময়ে ক'ব। 

References-

1. Shohret Hoshur, for Radio Free Asia's Uyghur Service

2. China one million Uighur Muslims in concentration camps Al Jazeera reports by Khaled Beydoun

Comments

Popular posts from this blog

নাৰী !

লজ্জা নাৰীৰ ভূষণ। যিহেতু আমি মানুহ আৰু যৌনতা আমাৰ প্ৰকৃতি প্ৰদত্ত নিয়ম। কোনে কিদৰে ইয়াক ব্যৱহাৰ কৰে সেয়া তেওঁৰ ব্যক্তিগত কথা। কিন্তু নাৰী জাতিক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাটোও শিক্ষিত সমাজৰ কোনো ব্যক্তিৰেই মানসিকতা হব নোৱাৰে। যিহেতু যৌনতা, যৌন চাহিদা আদি বিষয়বোৰ সুস্বাস্থ্যৰ লগতো প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে এই বিষয়বোৰৰ ভাল, প্ৰণালীগত অধ্যয়নৰো খুবেই প্ৰয়োজনীয়তা আহে। যোৱা কিছুদিন আগতে আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জ্যাক মা ই তেওঁৰ কোম্পানীত কাম কৰা সকলো কৰ্মচাৰীক উদ্দেশ্য কৰি কৈছিল, " তোমালোকে সপ্তাহত প্ৰতিদিন সংগম কৰিবা। ই শৰীৰ আৰু মনত শক্তিৰ সঞ্চাৰ কৰে, সজীৱ কৰে।" এয়া কোনো লাজৰ কথা নহয়। আমি যিদৰে নাৰীদেহৰ স্পৰ্শত দেহ, মনত শক্তি পাও, নাৰীয়েও পায়। আমি যিদৰে সুন্দৰ ৰমণীক বিচাৰি ফুৰো, সিহঁ‌তেও বিচাৰে কোনোবা সুঠাম দেহৰ পুৰুষক; এয়াই প্ৰকৃতিৰ নিয়ম। নাৰী জাতি প্ৰকৃতিৰ মনোৰম সৃষ্টি, ইয়াৰ অপব্যৱহাৰ, দমন, শোষণ সমাজৰ বাবে খুবেই সাংঘাতিক। কিছুদিন আগতে  ৮০ ৰ দশকৰ এখন বাংলা চলচ্চিত্ৰ চাইছিলোঁ। ছবিখনৰ নাম জন অৰণ্য (১৯৭৬), পৰিচালক সত্যজিৎ ৰায়, মূল চৰিত্ৰত অভিনয় কৰিছে প্ৰদীপ

আপোনাৰ ভোট, বহুমূলীয়া নে বিনামূলীয়া?

নিৰ্বাচন খুবেই আসন্ন। মাইকত শুনিছো চাৰিওফালে ~ "ৰাইজ, আপোনালোকৰ বহুমূলীয়া ভোটটো দি **** ক জয়যুক্ত কৰক।" কিন্তু আজিৰ দিনত ভোটটোক সচাঁ‌কৈয়ে বহুমূলীয়া বুলি ক'ব পাৰি নে? জাতিৰ নামত আৱেগ, ধৰ্মৰ নামত আৱেগ, ভাষাৰ নামত আৱেগ সৃষ্টি কৰিয়েই প্ৰায় আধা ভোট সংগ্ৰহ কৰিব পাৰে এই চতুৰ দগাবাজ নেতা(?) সকলে। অলপ খোচামোদ কৰিলে হয়তো দুই চাৰিশ টকা এটা দি লৈ যাব পাৰে আপোনাৰ, মোৰ ভোটটো। নাইবা "অমুকেই জিকিব", "ভোটটো নষ্ট নকৰিব", "অমুকক দিলে কোনো লাভ নাই" ইত্যাদি ধৰণৰ কিছু মিছা Trend চলাই লৈ যাব পাৰে আপোনাৰ, মোৰ ভোটটো। গতিকে আমাৰ ভোটৰ মূল্য ক'ত থাকিল? ইয়াতে উল্লেখ্যযোগ্য এটি খুব গুৰুত্বপূৰ্ণ বিষয় এয়াই যে আমাৰ আজিৰ নেতা সকলে মানুহৰ হৃদয় জয় কৰিব নোৱাৰে। কাৰণ অলেখ অযুত নিবনুৱা চামচাৰ ভিৰ পাৰ্টি অফিচত। নেতাৰ ঘৰৰ পদূলিত, বাৰাণ্ডাত আৰু কেতিয়াবা নেতাৰ গোহালিত! যিবোৰ কাৰণত বহুতো প্ৰাণৰো আপোন বুলি ভোটটো দিয়া লোকেও নিজৰ প্ৰয়োজন নেতাৰ ওচৰত আহি ক'ব নোৱাৰে। ইয়াত ভালপোৱাৰ (?) কিছু শীতল যুদ্ধও পৰিলক্ষিত হয়। মানে এজন চামচাই যেতিয়া নেতাৰ কাষ চাপিব পৰা হয় তেতিয়া তেওঁ অন্য এজনক

হিমু

বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় সাহিত্যিক হুমায়ুন আহমেদৰ কালজয়ী সৃষ্টি হিমু। হিমুক মুখ্য চৰিত্ৰত লৈ তেখেতে এটাৰ পিছত এটাকৈ লিখিছিল ২১ খন গল্প আৰু উপন্যাস। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিছত অন্যতম শ্ৰেষ্ঠ বাংলা সাহিত্যিক হুমায়ুন আহমেদে সৃষ্টি কৰিছিল এজন অতি সহজ সৰল, দুনিয়াৰ মায়া মোহৰ বন্দীত্বৰ পৰা মুক্ত, জীৱনৰ প্ৰতিটো মুহূৰ্তক উপভোগ কৰিব পৰা চৰিত্ৰৱান ব্যক্তি হিমু। পিন্ধনত তাৰ গাত থাকে সদায় এখন হালধীয়া পাঞ্জাৱী যাৰ কোনো পকেট নাই, যিটো তাৰ মতে মহাপুৰুষ সকলৰ পোছাক। মূৰত এলো মেলো দীঘল চুলি। সৰুতেই তেওঁৰ মাকৰ মৃত্যু হোৱাত তেওঁৰ দেউতাকে তেওঁক ডাঙৰ দীঘল কৰে। ধন সম্পদ, চাকৰি বাকৰিৰ প্ৰতি কোনো লোভ নাই, সেয়া সৰুতেই নোহোৱা কৰি দিছে তেওঁৰ দেউতাকে। তেওঁ হিমুক কৈছিল, "যেতিয়ালৈ ঘৰ, সংসাৰ, চাকৰি, বাকৰি, টকা, পইচা আদিৰ লোভৰ পৰা মুক্ত হব নোৱাৰিবি তেতিয়ালৈ সুখ বিচাৰি নাপাবি। গতিকে সুখী হবলৈ চেষ্টা কৰি থাকিবি। ধনী হবলৈ নহয়। পৃথিৱীৰ ধনী মানুহবোৰ বেছি অসুখী, অশান্তিত দিন কটাই সিহঁ‌তে। পিঞ্জৰাবদ্ধ পখীটোৰ দৰে ছটফট কৰে সিহঁ‌তে। এনেদৰে থাকিবি যাতে সুখ

জীৱনটো এটা বিৰাট ডাঙৰ চক্ৰবেহু!

জীৱনৰ গতিবেগ আৰু দিশ দুয়োটা বস্তুৰেই সময়ত পৰিৱৰ্তন হোৱা দেখা যায়। সহজ - সৰল মানুহজনো সময়ত কঠোৰ আৰু ৰুক্ষ স্বভাৱৰ হৈ পৰে। অৱশ্যে কেতিয়া কোন পৰিস্থিতিত পৰি তেওঁ এনেকুৱা হৈ পৰে সেয়া তেওঁ নিজেও ক'ব নোৱাৰে। নাজানে কোনেও, আমিও নাজানো কেনেকুৱা পৰিস্থিতিত পৰি মানুহ এজনৰ এনেকুৱা পৰিৱৰ্তন হয়গৈ সময়ত। কিন্তু তেনেকুৱা কিছু উদাহৰণ পৰ্যবেক্ষণ কৰিলে এটা কথা সহজেই ধৰিব পাৰি যে এয়া বিশ্বায়নৰ প্ৰভাৱ। আমিবোৰ সাধাৰণ হৈ থকা নাই আৰু সেয়া পছন্দও নকৰোঁ‌; সেয়েহে আমি তীব্ৰ প্ৰতিযোগীতাত দৌৰিছো অনবৰত। আমি পোৱাখিনি লৈ মুঠেও সুখী নহওঁ‌, আমি তুলনা কৰি কৰি কামবোৰ কৰি আহিছো। সেয়া আমাৰ জন্মৰে পৰা আৰম্ভ হৈছে। আজিৰ সন্তানে নিজৰ জন্মদিনৰ কেকটো সহপাঠী এজনৰ বাবে অনা কেকটোতকৈ সৰু বুলি নিজকে অৱহেলিত জ্ঞান কৰে। নাইবা নিজৰ হাতঘড়ীটোও আন কোনোবাজনতকৈ কমদামী বুলি কিছু হীনমান্যতাত ভূগে, যিটো এই চক্ৰবেহুৰ এটা আৰম্ভণি বুলি ক'লেও ভুল নহ'ব চাগৈ। সেইদৰে চলি থাকে সকলোবোৰ কাম কাজ, আদান প্ৰদান। সকলোতে লোকক দেখুওৱাৰ নাইবা লোকৰ মাজত নিজকে জাহিৰ কৰাৰ মানসিকতাটো আজি খুবেই সাধাৰণ বিষয়। সেয়া নহ'লে ১০-১৫ হাজাৰ টকাৰ দৰমহাৰে সৰুৰে পৰা

Hate crime against Muslims, Vadodara, Gujarat.

A police constable was beaten on Friday evening in Vadodara city allegedly by the religious hardliners of the majority community. Sanjay Kharat, DCP, Zone-3 of Vadodara City informed on Saturday that an FIR has been registered. “We have taken cognisance of the matter…we are investigating,” said Kharat. However, he had no idea about the arrests made in the case. The victim, Arif Ismail Shaikh (44), said that he was attacked without any provocation when he was travelling back to home at around 8.30 pm. “I made a mistake by not covering my face this time,” said Shaikh, adding that he usually covers his face while stepping out of his home. Shaikh is a constable with the Gujarat Police. The FIR was registered under Sections 323, 143, 147, 504 and 506 (2) of the IPC. In his complaint, Shaikh said: “As I was heading back to my home after concluding my day duty scheduled at Pratapnagar headquarters, an unknown young person crossing the road near Shiv Shakti Mohalla locality waved hi

How many more Tabrez will be killed ?

It's not even more than a month that the families of Pehlu Khan, killed by the Hindu terrorists in Rajasthan, went shocked and heartbroken after the district administration of Alwar, Rajasthan had withdrawn the perpetrators name from the chargesheet, then comes another heartbreaking news that the district administration of Seraikela District in Jharkhand has withdrawn the perpetrators name from the chargesheet and giving the heinous crime a different story, where Tabrez Ansari (24) was lynched by a Hindu terror mob and finally killed in the Police station. Basically this is the New India where minorities are being killed in the broad daylight. The administrations across the country have been supporting these Hindu terrorists who're targeting innocent Muslims, Dalits Sikhs and Adivasis. “Based on the (second) report, we have converted the murder charge (Section 302 of the IPC) into culpable homicide not amounting to murder (Section 304) as the post-mortem concluded that

কোৰবানী

কোৰবানী শব্দৰ উৎপত্তি মূলত হিব্ৰু ভাষাৰ শব্দ "কোৰবান" অৰ্থ - Offering (দান) ছিৰিয়ান ভাষাৰ শব্দ "কোৰবানা" অৰ্থ - Sacrifice (ত্যাগ)! কোৰবান শব্দটো কোৰানত তিনিবাৰ উল্লেখ কৰা আছে- এবাৰ পশু উছৰ্গা কৰাৰ কথা, আৰু দুবাৰ এনেকুৱা কিছুমান কাম যিবোৰে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰে।  প্ৰথমবাৰৰ কাৰণে আবিল (আদম আৰু ইভৰ সন্তান) এ কোৰবানী কৰিছিল আৰু তেৱেই আছিল কোৰবানী কৰা প্ৰথম মানৱ। তেওঁ এটা ভেড়া কোৰবানী কৰিছিল। আৰু তেওঁৰ ভায়েক কাবিল (আদম আৰু ইভৰ সন্তান) এ পথাৰৰ শস্য আল্লাহৰ ওৱাস্তে কোৰবানী কৰিছিল। আল্লাহ ই আবিলৰ কোৰবানী কবুল কৰিছিল আৰু কাবিলৰ কোৰবানী প্ৰত্যাখ্যান কৰিছিল। আবিলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নাযিল হোৱাত অহংকাৰত আৰু দাম্ভিকতাত দগ্ধ হৈ কাবিলে হাবিলক হত্যা কৰিছিল। অৱশ্যে আজিৰ কোৰবানীৰ বিধান আৰম্ভ হৈছিল ইব্ৰাহিম (AS) ৰ দিনৰ পৰা যেতিয়া তেওঁক তেওঁৰ সবাতোকৈ বেছি পছন্দনীয় বস্তুটোক আল্লাহৰ সন্তষ্টিৰ নিমিত্তে কোৰবানী কৰিবলৈ আদেশ দিয়া হৈছিল। ইটো সিটো কৰি বহু বস্তুৱেই কোৰবানী দিছিল তেওঁ, কিন্তু এদিন সপোনত তেওঁক কোৱা হৈছিল তেওঁৰ আটাইতকৈ প্ৰিয় তেওঁৰ পুত্ৰ ইছমাঈলক আল্লাহৰ সন্তষ্টিৰ বাবে

NRC ৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ কিয় নাযাব?

প্ৰবন্ধটো লিখিবলৈ কিছু সাহস গোটাব লাগিল, অতি জাতীয়তাবাদী নেতা, পালিনেতা, বুদ্ধিজীৱি, চিন্তক, সমালোচক আৰু হিন্দু ৰাষ্ট্ৰৰ সপোনত বিভোৰ হিন্দুত্ববাদী চিন্তাধাৰাৰে পৰিচালিত সকলোৱে মোৰ প্ৰবন্ধটো পঢ়ি উঠি মন্তব্য দিব। এন আৰ চি বিষয়টো প্ৰথম অৱস্থাত ইমান জটিল যেন লগা নাছিল যদিও শেষলৈ বহু জটিলতাৰে আগবাঢ়িও কৰবাত থমকি ৰব যেন লাগিব ধৰিছে। বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ বাবে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা বিলুপ্ত হোৱাৰ পিছত এয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য উক্ত সিদ্ধান্তটো ঐতিহাসিক যদিও ইয়াক কাৰ্য্যকৰী কৰাৰ পদ্ধতিটো চিৰদিনৰ বাবে সন্দেহৰ আৱৰ্তত থাকিব আৰু সদায় এটা প্ৰশ্নৰ উদ্ভৱ হব- যদি আমি জম্মু আৰু কাশ্মীৰৰ মাটি, পানী, বায়ু আৰু জনগণক ভালপাওঁ‌, সিহঁতৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে কিয় সিহঁতৰ ওজৰ, আপত্তি, মতামতক এবাৰো শুনা নহ'ল কিয়? কিয় সিহঁ‌তক গৃহবন্দী কৰি ৰাখি, সকলো মন্ত্ৰী, বিধায়ক আৰু আন নিৰ্বাচিত প্ৰতিনিধিক আৱদ্ধ কৰি ৰাখি ইমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো কেতিয়াও প্ৰশংসনীয় হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে এই বিষয়টোক জড়িত কৰাৰ মূল কাৰণটো খুবেই সাধাৰণ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত

কোন আপোন, কোন পৰ?

এই যে মানুহবোৰে দৌৰিছে এমুঠি খাদ্য বিচাৰি, প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা নহয়, আশ্ৰয় বিচাৰিছে মানুহে  মানুহৰ অত্যাচাৰৰ পৰা। ভয়, শংকা আৰু হতাশাত মৃতপ্ৰায় হৈছে সিহঁত। কোনে দৌৰাইছে সিহঁতক? কিয় দৌৰাইছে নাইবা সিহঁতেই বা কিয় দৌৰিছে দিন ৰাতি এক কৰি মাটি বাৰী সন্তান সন্ততি এৰি? কোনোবাই বুজি পাইছে নে? মই হ'লে একোৱেই বুজি পোৱা নাই কাৰণ মই বুজি নাপাও ৰাজনীতিৰ মেৰপেচ, বুজি নাপাও সীমান্তৰ কাইটীয়া তাৰৰ বেৰ, নাইবা বুজি নাপাও মই, সীমান্তৰ সিপাৰৰ মানুহৰ আৱেগ! মোক শিকোৱা হৈছে তেনেদৰে। সিহঁত মোৰ শত্ৰু, দেশৰ ভাবুকি কিন্তু মইতো কোনো দিন লগ পোৱা নাই সিহঁতক সিহঁতেনো মোক কিয় মাৰিব; নাইবা ময়েই বা কিয় মাৰিম সিহঁতক? কোনে সাজিছে এই সীমাৰেখাবোৰ? মইতো সজা নাই! মোৰ দেউতা, তাৰ পূৰ্বপুৰুষেও তো সজা নাছিল সেইবোৰ আৰু শুনিছো ঈশ্বৰেও সজা নাছিল তেনেকুৱা একোৱেই, তেন্তে কোনে আৰু কিয় সজাইছে সেইবোৰ? ঈশ্বৰে আদমক পৃথিৱীলৈ খেদিছিল ঠিকেই কিন্তু তেওঁতো কোনো অত্যাচাৰী পুৰুষ নাছিল যে তাৰ অধীনস্থ সকলক দমন কৰিবলৈ , তেওঁৰ দৰে মানুহে সাজিব তেনেকুৱা সীমান্তবোৰ! নাইবা কথাটো এনেকুৱাও হয় যে  শাসনত

Justice in Modi's New India

India has already become a Nation which is globally known as a Nation of Hatred and Injustice today. In the recent past, specifically since Narendra Modi has become the Prime Minister of the India, the democratic republic in the world, is losing it's reputation as one of the most prosperous, glorious, culturally diverse heritage and history, India is nowhere to possess that Identity, as it had been known as one of a very few Countries for it's unity in diversity. In India, billions of people from different caste, creed, religion, faith, language, tradition have been living, working in harmony, cooperating each other.  But two of the latest verdicts both of which have come in August, 2019 under Modi regime will be enough for you to know the truth about Modi's new India. Case #1.    Verdict on 14/08/2019 Two years after Haryana dairy farmer Pehlu Khan was allegedly lynched by a mob of cow vigilantes on the Jaipur-Delhi National Highway, a sessions court in Alwar on Augus