Skip to main content

হিমু





বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় সাহিত্যিক হুমায়ুন আহমেদৰ কালজয়ী সৃষ্টি হিমু। হিমুক মুখ্য চৰিত্ৰত লৈ তেখেতে এটাৰ পিছত এটাকৈ লিখিছিল ২১ খন গল্প আৰু উপন্যাস। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিছত অন্যতম শ্ৰেষ্ঠ বাংলা সাহিত্যিক হুমায়ুন আহমেদে সৃষ্টি কৰিছিল এজন অতি সহজ সৰল, দুনিয়াৰ মায়া মোহৰ বন্দীত্বৰ পৰা মুক্ত, জীৱনৰ প্ৰতিটো মুহূৰ্তক উপভোগ কৰিব পৰা চৰিত্ৰৱান ব্যক্তি হিমু।
পিন্ধনত তাৰ গাত থাকে সদায় এখন হালধীয়া পাঞ্জাৱী যাৰ কোনো পকেট নাই, যিটো তাৰ মতে মহাপুৰুষ সকলৰ পোছাক। মূৰত এলো মেলো দীঘল চুলি। সৰুতেই তেওঁৰ মাকৰ মৃত্যু হোৱাত তেওঁৰ দেউতাকে তেওঁক ডাঙৰ দীঘল কৰে। ধন সম্পদ, চাকৰি বাকৰিৰ প্ৰতি কোনো লোভ নাই, সেয়া সৰুতেই নোহোৱা কৰি দিছে তেওঁৰ দেউতাকে। তেওঁ হিমুক কৈছিল, "যেতিয়ালৈ ঘৰ, সংসাৰ, চাকৰি, বাকৰি, টকা, পইচা আদিৰ লোভৰ পৰা মুক্ত হব নোৱাৰিবি তেতিয়ালৈ সুখ বিচাৰি নাপাবি। গতিকে সুখী হবলৈ চেষ্টা কৰি থাকিবি। ধনী হবলৈ নহয়। পৃথিৱীৰ ধনী মানুহবোৰ বেছি অসুখী, অশান্তিত দিন কটাই সিহঁ‌তে। পিঞ্জৰাবদ্ধ পখীটোৰ দৰে ছটফট কৰে সিহঁ‌তে। এনেদৰে থাকিবি যাতে সুখ পোৱা যায়। তেৱেই যাযাবৰী জীৱন যাপন কৰি লাভ কৰে পৰম শান্তি; যিজন কোনোধৰণৰ উচ্চকাংখা, গৰ্ব, অহংকাৰৰ পৰা মুক্ত।" হিমুৰ মতে তেওঁৰ দেউতা আছিল এজন মহাপুৰুষ। তেওঁক এইবোৰ কৈ যোৱাৰ উদ্দেশ্য এটাই যে হিমু এদিন মহাপুৰুষ হ'ব, দেউতাকৰ আশা আছিল তেওঁ এদিন মহাপুৰুষ হ'ব গতিকে অন্য সকলোতকৈ ভিন্ন ৰুপে লালন পালন কৰিছিল তেওঁক।
হিমুৰ কাম কাজবোৰ আছিল ভিন্ন আৰু অদ্ভুত। তেওঁৰ মতে কাম কৰাতকৈ ভিক্ষা কৰাটোৱেই শ্ৰেয়। ঢাকাৰ অলিয়ে গলিয়ে খালী ভৰিত ঘুৰি ফুৰিছিল তেওঁ। মানুহে কেতিয়াবা পাগল, কেতিয়াবা যাদুকৰ বুলিও ভাবিছিল তেওঁক কাৰণ তেওঁ মানুহৰ সম্ভাৱ্য ভৱিষ্যৎ সম্পৰ্কে প্ৰায়েই সঠিক ধাৰণা কৰিব পাৰিছিল, যিটো তেওঁ লাভ কৰিছিল সুক্ষ্ম পৰ্যবেক্ষণ, একান্ত সাধনা, মায়া মোহৰ পৰা মুক্ত জীৱন ব্যৱস্থাৰ বাবে। ভৰ যৌৱনতো নিজৰ কামনা বাসনাক দমন কৰি ৰাখিব জানিছিল তেওঁ, সেয়ে ৰূপাৰ প্ৰেমত পৰিও থমকি ৰৈছিল। ৰূপাই তেওঁক দিব বিচাৰিছিল তেওঁক মহাপুৰুষ হোৱাৰ জটিলতাৰ পৰা মুক্তি। ৰুপাই আমন্ত্ৰণ জনাইছিল তেওঁক ছাদৰ ওপৰত নাইবা লাইব্ৰেৰীৰ বাৰান্দাত।
ৰুপা যে হিমুৰ প্ৰেমত হাবুডুবু কৰিছে, সিও জানে, কিন্তু হিমু যাযাবৰ, উদাসীন, মহাপুৰুষ হোৱাৰ সপোনক সাৰ্থক কৰিবলৈ তেওঁ ত্যাগ কৰিবই লাগিব এই সকলোবোৰ। ৰূপাই বিচাৰে এবাৰ হিমুক ওচৰৰ পৰা দেখা পোৱাৰ, তাৰ লগত অলপ কথা পতাৰ, মনৰ খুদুৱনি বোৰ দূৰ কৰাৰ। তাৰ নাই কাম, ক্ৰোধ, মায়া, মোহ; কামনা-বাসনাৰ পৰা মুক্ত, নাৰীৰ সান্নিধ্যৰ পৰা মুক্ত হ'ব বিচাৰে সি। সি বাধ্য হৈ পলাই ফুৰে, কিন্তু ভালপোৱাৰ তীব্ৰ বাসনা জাগিলেই তেওঁ ঢাপলি মেলে লাইব্ৰেৰীৰ বাৰান্দালৈ, এপলক ৰূপাক চাবলৈ। তাইৰ খং উঠে হিমুৰ ওপৰত, এনেকুৱা কোনোবা পাগল থাকিব পাৰে নে, ভালপায় অথচ মিলনত অপাৰগ। ভালপায় অথচ মহাপুৰুষ হোৱাৰ সপোন বাস্তবায়িত কৰিবলৈ ত্যাগ কৰে এটা এটাকৈ প্ৰতিটো বাস্তৱ সত্যক, প্ৰয়োজনক। এইদৰেই দুয়ো ত্যাগ কৰি যায় নিজৰ প্ৰয়োজনক, অথচ হৃদয়ৰ গভীৰ কোণত ভালপোৱাৰ এটি বন্তি জ্বলাই ৰাখে দুয়ো; অবিৰাম, অবিৰত, অহৰ্নিশ।

Comments

Post a Comment